শুকুৰবাৰে অসম নগৰ পানী যোগান আৰু প্ৰ-প্ৰণালী পৰিষদৰ মুখ্য কাৰ্যালয়ত অধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে এখন সংবাদমেল সম্বোধন কৰে।পৰিষদে ৰাজ্যৰ ৫৪খন চহৰত পানী যোগান আঁচনিৰ কাম হাতত লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।তাৰে ২৭টা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ২০ হাজাৰ ২০০ ঘৰ মানুহক পানী যোগান ধৰি থকা বুলিও তেওঁ লগতে কয়।
আনহাতে ১৬টা নতুন আঁচনিৰ কাম আৰম্ভ কৰা হৈছে আৰু ২৪খন আঁচনিৰ কাম হ'বলৈ গৈ থকা বুলি উল্লেখ কৰি তেওঁ কয়-"পূৰ্বে বাৰ্ষিক পৰিষদক ৯১ কোটি টকা চৰকাৰৰ পৰা দিয়া হৈছিল যদিও সেই ধন খৰছ কৰিব পৰা নাছিল।বিগত কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৮, ২০১২, ২০১৩ চনৰ কামসমূহ আধৰুৱা হৈ পৰি আছিল।সেই আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ ২০১৮ বৰ্ষৰ পৰা বিভাগটোৱে পুনৰ কাম আৰম্ভ কৰিছিল।"
উল্লেখ যে শেহতীয়াভাৱে ক'ৰ'না ভাইৰাছ আৰু 'কা' আন্দোলনৰ বাবে কাম কিছু আধৰুৱা হৈছে বুলি উল্লেখ কৰি মমিনে কয়- "মিৰ্জা,মঙলদৈৰ পানী যোগানৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে।সোণাৰি,বিলাসীপাৰাৰ কাম জুন মাহত আৰু মাকুম,মাৰ্ঘেৰিটাৰ কামসমূহ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।"
"ব'ৰ্ডৰ অধীনত ৩৭১ জন কৰ্মী আছে,তাৰে কামৰ বিনিময়ত মঁজুৰি প্ৰদান কৰা কৰ্মীৰ সংখ্যা ২৪১ জন আৰু ফিক্সড দৰমহা দিয়া হয় ১৭ জন কৰ্মীক।গ্ৰাহকে আনলিমিটেড পানী যোগানৰ বাবে মাহিলী মাত্ৰ ৩০০ টকাকৈ দিব লাগিব বিভাগক।পানী লাইন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হৈছে"-মমিনে লগতে কয়।
আঁচনিৰ জড়িয়তে যোগান ধৰা পানী সম্পূৰ্ণ বিশুদ্ধ বুলি উল্লেখ কৰি তেওঁ লগতে কয়- "বিভাগে ৭০০ কোটি টকাৰ নতুন আঁচনি গ্ৰহণ কৰিছে।"
- Log in to post comments
- 28 views