"বেমাৰৰ বিৰুদ্ধে এই যুঁজ,খোৱা-বোৱাক লৈ আপত্তি নকৰিব আমি বিয়া-সবাহ পতা নাই"-ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

গুৱাহাটীৰ ফাঁচী বজাৰৰ ক'ৰ'না আক্রান্ত মংগৰু সাহানিৰ সংস্পৰ্শলৈ অহা ৩২জন লোকৰ নমুনা সংগ্ৰহ কৰা হৈছিল।তাৰে ১৫ জনৰ প'জিটিভ আহিল।সেই ১৫জন পজিটিভৰ সংস্পৰ্শত থকা ৩৪০ গৰাকী লোকৰ বৃহস্পতিবাৰে সংগ্ৰহ কৰা হৈছে ছোৱাব।ছোৱাবৰ ফলাফল যদি একাধিক লোকৰ পজিটিভ আহে তেন্তে যোৱা এসপ্তাহ ফাঁচী বজাৰৰ আলুপট্টি, ৰাজকমল হোটেল আদি অঞ্চলত যোৱা লোকৰ ছোৱাব টেষ্ট কৰা হ'ব।এই গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।প্ৰয়োজনত মোবাইল টাৱাৰ লোকেচন ভিত্তিত লোকসকলক চিনাক্ত কৰা হ'ব।নতুবা সেইফালে যোৱা ব্যক্তিসকলে ১০৪ নম্বৰত স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰি সহযোগিতা কৰিব পাৰিব।

"যোৱা ৪মে'ৰ পৰা অসমলৈ শ্ৰীৰামপুৰ গেটেৰে ৪০৬০জন,ছাগলীয়া গেটেৰে ৬৩০জন আৰু উত্তৰ-পূূূবৰ ১২জন লোক আহিছে।"এই কথা প্ৰকাশ কৰে মন্ত্ৰী ড: শৰ্মাই।

বৃহস্পতিবাৰৰ ৰাতিটো আমাৰ বাবে প্ৰত্যাহ্বানৰ দিন বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে'লৰ লগতে কৃষক-শ্ৰমিক এক্সপ্ৰেছ অসম হৈ মিজোৰামলৈ যাব প্ৰথমবাৰৰ বাবে।ৰে'লগাড়ী দুখনত ক্ৰমে ২১৯,৬২৫জন অসমৰ যাত্ৰী আহিব।সেইসকল যাত্ৰীক আমি ৰিচিভ কৰিব লাগিব।"

"অসম চৰকাৰে কানাডাৰ পৰা বিশেষ যন্ত্ৰ আনি গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত কোভিড চিকিৎসালয় নিৰ্মাণ চলি আছে।অহা ১০ দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব চিকিৎসালয়।আল্ট্ৰা ভায়'লেট ৰশ্মিৰ দ্বাৰা ক'ৰ'না ধ্বংস কৰাৰ ব্যৱস্থা থাকিব চিকিৎসালয়খনত"-মন্ত্ৰী শৰ্মাই কয়।

কোৱাৰেণ্টাইনত থকা ব্যক্তি তথা যিসকল বহি:ৰাজ্যৰ পৰা অসম লৈ আহিব তেওঁলোকক আহ্বান জনায় তেওঁ কয়-"খোৱা-বোৱাক লৈ যাতে কোনেও অভিযোগ নিদিয়ে।আমি বিয়া-সবাহ পতা নাই।বেমাৰৰ বিৰুদ্ধে আমাৰ যুুঁজ আৰম্ভ হৈছে।"

"ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়-মহাবিদ্যালয় তথা অনুষ্ঠানৰ পৰিৱৰ্তে পৃথক-পৃথক টয়লেট থকা হোটেলসমূহ ব্যৱহাৰ কৰাৰ বাবে জিলা প্ৰশাসনক নির্দেশ দিয়া হৈছে।টুৰিষ্ট ল'জ,চৰকাৰীৰ পৰ্যটন ভৱন ব্যৱহাৰ কৰা হ'ব।১৫ শতাংশ কোৱাৰেণ্টাইন চেণ্টাৰ তেনেদৰে ঠিক কৰিব পাৰিম"-মন্ত্ৰী শৰ্মাই কয়।

ইফালে,এতিয়াৰে পৰা ৭৫ বছৰৰ  উৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা,১০ বছৰৰ তলৰ শিশু,  দিব্যাংগসকলক ঘৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব পাৰিব।কিন্তু তাৰ বাবে গৃহস্থই এখন লিখা দিব লাগিব সম্পূৰ্ণ ঘৰটো কোৱাৰেণ্টাইন কৰা হ'ব বুলি।তেতিয়া,১৪দিনৰ খাদ্য জিলা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

বৃহস্পতিবাৰৰ পৰা কোভিড-১৯ ৰিপ'ৰ্ট প্ৰতিজন লোকে নিজৰ মোবাইল নম্বৰত লাভ কৰিব।

Your Comments