'লকডাউন'ৰ মাজতে বুধবাৰে ৰাতি ১বজাত গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে নিয়মীয়া তালাচীত জব্দ কৰে ১৭লাখ টকা।গণেশগুৰিৰ দিশৰ পৰা হাতীগাঁও লখিমী নগৰৰ দিশত গৈ থকা AS 01 BG 2443 নম্বৰৰ মহিন্দ্ৰাৰ ভেৰিট’ গাড়ীখনৰ পৰা জব্দ কৰিছে টকাখিনি।টকাসহ আৰক্ষীয়ে এছবি কনিষ্টবল সঞ্জীৱ কুমাৰ দাস,কয়লা ব্যৱসায়ী ইফটিকাৰ আলীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিবলৈ দিয়া অনুসৰি যিহেতু লকডাউনৰ বাবে সন্ধিয়া ৬ বজাৰ পৰা জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো বন্ধ থাকে,তাৰ বাবে নিয়মীয়া তালাচী চলোৱাৰ ব্যৱস্থা কৰা হৈছিল।সেই তালাচীৰ সময়ত ধৰা পৰিছিল টকাখিনি।ইফালে টকাখিনিৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে জব্দ কৰাৰ লগতে আৰোহী দুুুজনক গ্ৰেপ্তাৰ কৰা হয়।আৰক্ষীয়ে লগতে কয়।
ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে ২৪৯/২০২০নম্বৰৰ এটা গোচৰ।ভাৰতীয় দণ্ডবিধি ১৮৮/২৬৯/২৭০ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।ইফালে,গ্ৰেপ্তাৰ কৰা দুয়োজন ব্যক্তিক জামিনত মুকলি কৰি দিয়া হয় যদিও টকা শখিনি জব্দ কৰে আৰক্ষীয়ে।উপযুক্ত প্ৰমাণ দিব পাৰিলে ঘূৰাই পাব টকাখিনি।আৰক্ষীয়ে লগতে কয়।
উল্লেখ যে আৰক্ষীৰ মতে দিছপুৰৰ দিশৰ পৰা জুৱা খেলি আহি আছিল দুয়োজন।ইফালে, ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে অভিযোগ উত্থাপন হৈছে শাসকীয় দলৰ উজনিৰ ২ বিধায়কৰ সম্পৰ্কৰ থকা।
- Log in to post comments
- 42 views