গুৱাহাটীত বুধবাৰে ১৫ গৰাকী লোকৰ দেহত মহামাৰী কোভিড-১৯ ধৰা পৰাৰ পিছতে কামৰূপ(ম) জিলা প্ৰশাসনে পাঁচটা অঞ্চল ঘোষণা কৰিলে কণ্টেইনমেন্ট জ'ন হিচাপে।প্ৰশাসনে ঘোষণা কৰা কণ্টেইনমেণ্ট জ'নকেইটা হৈছে কুমাৰপাৰা,ফটাশিল আমবাৰী জিএছ ক'লনি,পল্টন বজাৰ ৰে'লৱে ক'লনি,শান্তিপুৰ আৰু পূৰ্বে দুদিন পূৰ্বে ঘোষণা কৰা ফাঁচীবজাৰৰ ৰাজকমল হোটেল।উল্লেখ যে বুধবাৰে নতুনকৈ ধৰা পৰা ১৫ গৰাকী কোভিড-১৯ আক্রান্ত সংস্পৰ্শলৈ আহিছিল দুদিন পূৰ্বে ফাঁচীবজাৰৰ প্ৰথমজন আক্রান্ত মংৰু ছাহানীৰ।
ইফালে অঞ্চলকেইটা প্ৰশাসনে ছীল কৰাৰ পিছতে কৰা হৈছে ছেনিটাইজিং।ছীল কৰা অঞ্চলকেইটাত প্ৰৱেশ-প্ৰস্থান সম্পূৰ্ণৰূপে নিষিদ্ধ।
গুৰুত্বপূৰ্ণ যে গুৱাহাটী মহানগৰীত ইয়াৰ পূৰ্বে বহুকেইটা অঞ্চল কণ্টেইনমেণ্ট জ'ন অন্তৰ্ভুক্ত হৈছে।গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ৰ ১নং আৰু ৫নং হোষ্টেল, গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ছাত্ৰী হোষ্টেল,চানমাৰী অমিয় নগৰ,বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰী ক'লনি।উল্লেখ যে নতুনকৈ ৫টা কন্টেইমেন্ট জ'ন ঘোষণা কৰাৰ পিছত গুৱাহাটীত বৰ্তমান ১০টালৈ বৃদ্ধি পালে যে এই জ'ন।
- Log in to post comments
- 40 views