মুম্বাইৰ পৰা অহা ৭ব্যক্তিৰ দেহত কভিড-১৯: ৰাজ্যত ৮৬ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Corona

নিউজ ডেস্ক :

মুম্বাইৰ পৰা অহা ৭জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কোভিড-১৯। আক্রান্ত ব্যক্তি সকলৰ ভিতৰত  ৪জন কৰ্কট ৰোগী বুলি জানিব পৰা গৈছে।তাৰ ভিতৰত এটি ১৩ বছৰীয়া কৰ্কট  ৰোগত আক্ৰান্ত শিশুও আছে।কৰ্কট ৰোগী কেইজন হৈছে -মনোৰঞ্জন সাহ, প্ৰদীপ কুমাৰ বণিয়া, গোপীদ্ৰ চন্দ মালাকাৰ।

ইফালে এই সকল কৰ্কট ৰোগীৰ তিনি পৰিচৰ্যাকাৰীও আক্রান্ত হৈছে কোভিড-১৯।তেওঁলোক পি বাসুদেৱ পাটোৱাৰী, নীলকণ্ঠ দেৱ আৰু মীনাৰাণী বণিয়া। কিছু সময় পূৰ্বে এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ্য যে বুধবাৰে অসমত আহি উপস্থিত হৈছিল লোককেইজন।তাৰ পিছতেই কৰা পৰীক্ষাত ধৰা পৰিছে কোভিড-১৯ আক্রান্তৰ কথা। 

ইয়াকে ধৰি বৰ্তমান ৰাজ্যত আক্রান্তৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি পালে।

Your Comments