মুম্বাইৰ পৰা অহা ৭ জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কোভিড-১৯।আক্রান্ত ব্যক্তিৰ ৩ জন কৰ্কট ৰোগী।আক্ৰান্তৰ ভিতৰত এটি ১৩ বছৰীয়া হ্ৰদৰোগী শিশুও আছে।কৰ্কটৰোগীকেইজন হৈছে-মনোৰঞ্জন শ্বাহ, প্ৰদীপ কুমাৰ বণিয়া,গোপীন্দ্ৰ চন্দ মালাকাৰ।
ইফালে,কৰ্কট ৰোগীকেইজনৰ তিনি পৰিচৰ্যাকাৰী আক্রান্ত হৈছে কোভিড-১৯ত।তেওঁলোক হৈছে পি বাসুদেৱ পাটোৱাৰী, নীলকণ্ঠ দেৱ আৰু মীনাৰাণী বণিয়া।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে বুধবাৰে অসমত আহি উপস্থিত হৈছিল লোককেইজন।তাৰ পিছতে কৰা পৰীক্ষাত ধৰা পৰিছে কোভিড-১৯ আক্রান্ত হোৱাৰ কথা।কোৱাৰেণ্টাইনত আছিল আক্রান্ত লোককেইজন।
বৰ্তমান ৰাজ্যত আক্রান্তৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি পালে।
- Log in to post comments
- 16 views