নিউজ ডেস্ক :
"যিমান সোনকালে পৰা যায় লকডাউন উঠাই দিব লাগে।তাৰ পৰিৱৰ্তে হটস্পট সমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।অন্যথা লাখ লাখ মানুহ কৰ্মহীন হ'ব"- চৰকাৰলৈ এই গুৰুত্বপূৰ্ণ আহ্বান ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।বিগত ডেৰ মাহৰ লকডাউনত বিধ্বস্ত হৈছে অৰ্থনীতি।দেশত ১১১ কোটিৰ মানুহ কৰ্মহীন হৈ পৰিছে।ইয়াৰ পিছতো যদি লকডাউন দীঘলীয়া হয় তেন্তে পৰিমাণ কি হ'ব ভাবি চোৱা উচিত।
স্বাস্থ্যৰ নামত জীৱিকা-উপাৰ্জন বন্ধ কৰিলে নহ'ব।জীৱিকাক আমি জীয়াই ৰাখিব লাগিব।কাৰণ স্বাস্থ্য ৰক্ষাৰ বাবে মানুহক অৰ্থ প্ৰয়োজন হব"-গগৈয়ে কয়।বেমাৰৰ পৰা সুস্থ হৈ থাকিবলৈ সকলো সতৰ্ক হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় "সৰ্বসাধাৰণ ৰাইজে দুবেলা-দুমুঠি খাবলৈ চিন্তা কৰিব লগা হৈছে।২১শতিকাত মানুহে শ-শ কিঃমিঃ পদযাত্ৰা কৰিব লগা হৈছে।ছবিবোৰ দুখৰ।কোভিড-১৯য়ে ভাৰতৰ দন্যতাৰ ছবিখন দাঙি ধৰিছে"।
প্ৰধানমন্ত্ৰী মোডীয়ে পৰিকল্পনা নকৰাকৈ লকডাউন ঘোষণা কৰিছিল।ফলত শ্ৰমিক, দুখীয়া-দৰিদ্ৰসকল যন্ত্ৰণাত ভুগিব লগা হৈছে।"সংক্ৰমন বেছি যদিও ক'ৰনাত মৃত্যুৰ সংখ্যা কম এইটো এটা ভাল খবৰ।পূর্বতে বহু বেমাৰত ইয়াতকৈ বেছি মানুহৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে"।
সোনোৱাল চৰকাৰে বহি ৰাজ্যত আৱদ্ধ হৈ থকা আমাৰে ককাই-ভাই-ভনী সকলক অসমলৈ উভতাই অনাৰ বাবে কোনো প্ৰচেষ্টা চলোৱা নাই।মন্ত্ৰী হিমন্তই ক'ব বিচাৰে তেওঁলোকক আনিলে বেমাৰ বৃদ্ধি পাব।সেই প্ৰসঙ্গত তেওঁ কয় "বেমাৰ হ'ল বুলি নিজৰ বাই-ভনী, ককাইহতক দলিয়াই পেলাই দিম নিকি!কা' জৰিয়তে বাংলাদেশী আঁকোৱালি ল'ব বিচৰা সকলে এতিয়া অসমৰ মানুহক আঁকোৱালি নোলোৱাতো দুৰ্ভাগ্যজনক"।শেহতীয়া ভাৱে কেন্দ্ৰৰ নির্দেনত বাধ্যত পৰি অসমৰ ব্যক্তি সকলক উভতাই আনিবলৈ লৈছে বুলিও তেওঁ তীৰ্যক মন্তব্য কৰে।
ইফালে ৰাজস্থানৰ আজমেৰৰ পৰা বাছ আহি শিলচৰ প পোৱা প্ৰসংগটো তেওঁ কয় যে অসম চৰকাৰ সেই সময়ত শুই আছিল।শ্ৰীৰামপুৰ গেটত স্কেনিংৰ ব্যৱস্থা নথকাতো দুৰ্ভাগ্যজনক-গগৈয়ে লগতে কয়।
কেন্দ্ৰৰ বহতিয়া ৰাজ্য চৰকাৰে মানুহক দেখাই আলোচনা কৰিবলৈ মাতে কিন্তু পৰামৰ্শসমূহ গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰি গগৈয়ে কয়-অৰ্থনীতি উদ্ধাৰ বাবে গঠিত বিশেষ পৰামৰ্শদাতা কমিটি প্ৰতিবেদন কাগজতে থাকিব।অসমত চাহ-বাগিচা আৰু কৃষি কাৰ্য্য বন্ধ কৰাটো ভুল আছিল।
বিগত ডেৰমাহে ৰাজ্যৰ দৰিদ্ৰ-দুখীয়াৰ বাবে চৰকাৰে কোনো কাম কৰা নাই বুলিও গগৈয়ে লগতে অভিযোগ কৰে।
ইফালে প্ৰধানমন্ত্ৰী কৃষক নিধিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰাৰো দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
- Log in to post comments
- 26 views