"যিমান সোনকালে পৰা যায়,লকডাউন উঠাই দিব লাগে"-তৰুণ গগৈ

Pic

"যিমান সোনকালে পৰা যায়,লকডাউন উঠাই দিব লাগে।তাৰ পৰিৱৰ্তে হটস্পটসমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।অন্যথা লাখ লাখ মানুহ ভোকাতুৰ-কৰ্মহীন হ'ব"-চৰকাৰলৈ এই গুৰুত্বপূৰ্ণ আহ্বান ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।"বিগত ডেৰ মাহৰ লকডাউনত বিধ্বস্ত হৈছে অৰ্থনীতি।দেশত ১১ কোটি মানুহ কৰ্মহীন হৈ পৰিছে।ইয়াৰ পিছতো যদি লকডাউন দীঘলীয়া হয়,তেন্তে পৰিণাম কি হ'ব ভাবি চোৱা উচিত।"-গগৈয়ে কয়।

"স্বাস্থ্যৰ নামত জীৱিকা উপাৰ্জন বন্ধ কৰিলেই নহ'ব।জীৱিকাক আমি জীয়াই ৰাখিব লাগিব।কাৰণ স্বাস্থ্য ৰক্ষাৰ বাবে মানুহক অৰ্থৰ প্ৰয়োজন হ'ব"-গগৈয়ে কয়।বেমাৰৰ পৰা সুস্থ হৈ থাকিবলৈ সকলো সতৰ্ক হ'ব লাগিব বুলি উল্লেখ কৰি লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে-"সৰ্বসাধাৰণ ৰাইজে দুবেলা-দুমুঠি খাবলৈ চিন্তা কৰিব লগা হৈছে।২১ শতিকাত মানুহে শ-শ কিঃমিঃ পদযাত্ৰা কৰিব লগা হৈছে।ছবিবোৰ দুখৰ।কোভিদে-১৯য়ে ভাৰতৰ দৰিদ্ৰতাৰ ছবিখন দাঙি ধৰিছে।"

প্ৰধানমন্ত্ৰী মোডীয়ে পৰিকল্পনা নকৰাকৈ লকডাউন ঘোষণা কৰিছিল।ফলত শ্ৰমিক,দুখীয়া-দৰিদ্ৰসকলে যন্ত্ৰণা ভুগিব লগা হৈছে।শেহতীয়াকৈ বুজি পাইছে আৰু শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ ঘূৰি যাবলৈ অনুমতি দিছে বুলি উল্লেখ কৰি গগৈয়ে মত প্ৰকাশ কৰে-"সংক্ৰমণ বেছি যদিও ক'ৰ'নাত মৃত্যুৰ সংখ্যা কম আৰু এইটো এটা ভাল খবৰ।পূর্বতে বহু বেমাৰত ইয়াতকৈ বেছি মানুহৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে।"

"সোণোৱাল চৰকাৰে বহি:ৰাজ্যত আৱদ্ধ হৈ থকা আমাৰে ককাই-ভাই-ভনীসকলক অসমলৈ ওভতাই অনাৰ বাবে কোনো প্ৰচেষ্টা চলোৱা নাই।মন্ত্ৰী হিমন্তই ক'ব বিচাৰে তেওঁলোকক আনিলে বেমাৰ বৃদ্ধি পাব।সেই প্ৰসঙ্গত তেওঁ কয়-"বেমাৰ হ'ল বুলি নিজৰ বাই-ভনী,ককাইহঁতক দলিয়াই পেলাই দিম নেকি!'কা'ৰ জড়িয়তে বাংলাদেশী আঁকোৱালি ল'বলৈ বিচৰাসকলে এতিয়া অসমৰ মানুহক আঁকোৱালি নোলোৱাতো দুৰ্ভাগ্যজনক।শেহতীয়াভাৱে কেন্দ্ৰৰ নির্দেশত বাধ্যত পৰি অসমৰ ব্যক্তিসকলক ওভতাই আনিবলৈ লৈছে।"
 
"ৰাজস্থানৰ আজমীৰৰ পৰা বাছ আহি শিলচৰ পালেগৈ,অসম চৰকাৰ শুই আছিল।শ্ৰীৰামপুৰ গেটত স্কেনিং ব্যৱস্থা নথকাতো দুৰ্ভাগ্যজনক"-গগৈয়ে মন্তব্য কৰে।

কেন্দ্ৰৰ বহতীয়া ৰাজ্য চৰকাৰে মানুহক দেখুৱাই আলোচনা কৰিবলৈ মাতে কিন্তু পৰামৰ্শসমূহত গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰি গগৈয়ে কয়-"অৰ্থনীতি উদ্ধাৰৰ বাবে গঠিত বিশেষ পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদন কাগজতে থাকিব।অসমত চাহ-বাগিচা,কৃষি বন্ধ কৰাটো ভুল আছিল।"

"বিগতে ডেৰমাহ ৰাজ্যৰ দৰিদ্ৰ-দুখীয়াৰ বাবে কোনো কাম কৰা নাই চৰকাৰে"-গগৈয়ে লগতে উল্লেখ কৰে।

ইফালে,প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দুৰ্নীতিৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰাৰো দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Your Comments