সুদূৰ মুম্বাইৰ পৰা এম্বুলেন্স ভাড়াত আনি ঘৰখন দেখা নাপালে তনুৰাম শইকীয়াই:এমএমচিএইচৰ কোৱাৰেণ্টাইনত মৃত্যু

Pic

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ কোৱাৰেণ্টাইনত থকা এগৰাকী ব্যক্তিৰ মৃত্যু।দৰং জিলাৰ দলগাঁঁৱৰ মৃত ব্যক্তিজন কৰ্কট ৰোগত আক্রান্ত হৈ আছিল।তনুৰাম শইকীয়া নাম ব্যক্তিগৰাকী মুম্বাইৰ পৰা ঘূৰি আহি কোৱাৰেণ্টাইন হৈ আছিল।অগ্নিনিৰ্বাপক বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল শইকীয়া।

উল্লেখ যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈ মুম্বাইত দীৰ্ঘদিন ধৰি লকডাউনৰ বাবে আৱদ্ধ হৈ আছিল শইকীয়া‌।যোৱা ৫ মে'ত মুম্বাইৰ পৰা এম্বুলেন্স ভাড়া কৰি নিজগৃহ দলগাঁঁৱলৈ ঘূৰি আহিছিল শইকীয়া।যোৱা ৯ মে'ত গুৱাহাটীৰ এমএমচিএইচত কোৱাৰেণ্টাইন কৰাৰ পিছত দেওবাৰে ৰাতি মৃত্যু হয় শইকীয়াৰ।

Your Comments