শিৱসাগৰত ড: ময়িদুল ইছলাম বড়াৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:


শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট,ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি ড: ময়িদুল ইছলাম বড়াৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাকক্ষত ৫ মে'ত অনুষ্ঠিত কৰা হয়।শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক সন্তোষ দত্তই তাৎপৰ্য ব্যাখ্যা কৰা অনুষ্ঠানত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ড: ময়িদুল ইছলাম বড়াৰ জ্যেষ্ঠ নাতি মণিৰুল ইছলাম বড়াই। মৃত্যু বাৰ্ষিকীৰ এই অনুষ্ঠানত ময়দুল ইছলাম বড়াৰ জীৱন-কৰ্ম আৰু পাণ্ডিত্যৰ সম্পৰ্কত বক্তব্য দাঙি ধৰি বিশিষ্ট শিক্ষাবিদ তথা নিবন্ধকাৰ ড: প্ৰশান্ত কুমাৰ চুতীয়াই কয় যে প্ৰাক্স্বাধীনতা যুগত অসমৰ প্ৰায় আশী শতাংশ লোকেই আছিল নিৰক্ষৰ।তেনে সময়তেই ময়িদুল ইছলাম বড়াই শিৱসাগৰৰ পৰা বিলাতলৈ গৈ অগাধ পাণ্ডিত্যৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।তেওঁ কেইবাখনো ইংৰাজী পুথি ৰচনা কৰাৰ উপৰি 'জাহাংগীৰ দ্য মেন','বংগলৈ পাৰ্চী কবিসকলৰ প্ৰৱেশ', 'সাম্প্ৰদায়িক ঐক্য','অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ' আদি গ্ৰন্থ,এখন অপ্ৰকাশিত কামৰূপী অভিধানকে ধৰি ভালেকেইটা প্ৰৱন্ধ ৰচনা কৰি থৈ গৈছে।লগতে 'চেনেহী আৰু প্ৰেমৰ গতি' নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি ভাষা-সাহিত্যলৈ উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিয়াৰ বাবে মাত্ৰ চল্লিশ বছৰ বয়সতে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।অসম সাহিত্য সভাৰ এইগৰাকী সৰ্বকনিষ্ঠ সভাপতিৰ ১৯৪৪ চনৰ ৫ মে'ৰ দিনটোতেই লক্ষ্ণৌৰ ইতিহাস সন্মিলনত ভাষণ দি থকা অৱস্থাত অতি ৰহস্যজনকভাৱে কৰুণ মৃত্যু হোৱা বুলি ড: প্ৰশান্ত কুমাৰ চুতীয়াই উল্লেখ কৰে। অনুষ্ঠানত অধ্যাপিকা কল্পনা কটকীয়ে ড: ময়িদুল ইছলাম বড়াৰ স্বদেশপ্ৰেম সম্পৰ্কীয় এটা স্ব-ৰচিত কবিতা পাঠ কৰে।

Your Comments