অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ পত্নী,অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বোৱাৰী বন্দনা শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস।ক'ৰ'নাৰ পৰা জনতাৰ সুৰক্ষাৰ বাবে ব্যস্ত মাক্স চিলাই কৰাত।
উল্লেখ যে দেশত ক'ৰ'না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷মহামাৰী ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মাস্ক পৰিধান কৰাতো অতি জৰুৰী।তাৰ মাজতে এগৰাকী বিধায়কৰ পত্নীয়ে এনেদৰে নিজে মাক্স প্ৰস্তুত কৰি দেখুৱাইছে এটা নিদৰ্শন।গুৰুত্বপূৰ্ণ যে বন্দনা শইকীয়াই প্ৰস্তুত কৰা মাক্সসমূহ সমষ্টিবাসীৰ মাজত প্রয়োজনত যোগান ধৰিছে।যিহেতু 'লকডাউন'ৰ বাবে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ আছে,সেয়েহে স্বগৃহত নিজেই মাক্সসমূহ চিলাই কৰি সমষ্টিবাসীৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰি মহানুভৱতাৰ পৰিচয় দিছে বন্দনা শইকীয়াই।
- Log in to post comments
- 73 views