ক'ৰ'না মুক্ত হ'ল নাগালেণ্ড:অসমতো ৰোগীৰ সংখ্যা ৯ জনলৈ হ্ৰাস

Pic

ক'ৰ'নাৰ আতংকৰ মাজতে আছে এটা ভাল খবৰ।সম্পূৰ্ন ক'ৰ'না মুক্ত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ অন্য এখন ৰাজ্য নাগালেণ্ড।গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ডিমাপুৰৰ ৰাজা জৈন সুস্থ হৈ উঠাত শুকুৰবাৰে দিয়া হ'ল ৰিলিজ।স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিয়া হয় ৰিলিজ।

ইয়াৰ উপৰিও অসমৰ দুই আক্রান্ত জিলা  গোলাঘাট আৰু মৰিগাঁও আজি সম্পূৰ্ণৰূপে ক'ৰ'না মুক্ত হয়।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ থকা মৰিগাঁও জিলাৰ দুই আক্রান্ত উৰকান আলি আৰু চামচুন আলম সুস্থ হৈ উঠাত দিয়া হয় ৰিলিজ।একেদৰে অন্য খন জিলা গোলাঘাটৰ জেছমিনা বেগম সুস্থ হোৱাত দিয়া হয় ৰিলিজ।এই কথা প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে বৰ্তমান ৰাজ্যত ৯জন আক্রান্ত বিভিন্ন মেডিকেলত চিকিৎসাধীন হৈ আছে।৩২জন সুস্থ হোৱাৰ বিপৰীতে ১জনৰ মৃত্যু হৈছে।

Your Comments