তৃতীয় পৰ্যায়ৰ 'লকডাউন'ত অসমত কি কি কৰিব পাৰিব

Pic

বঙাইগাঁও জিলাৰ বাদে ৰাজ্যৰ জিলাসমূহক গ্ৰীণ আৰু অৰেঞ্জ জ'নত ভাগ কৰা হৈছে।তৃতীয় পৰ্যায়ৰ 'লকডাউন'ত অসমত বাধা আৰু শিথিলতা থাকিব লগা কৰ্মসমূহ হৈছে-

ৰাজ্যৰ গ্ৰামাঞ্চলত পূৰ্বৰ দৰে চলি থাকিব এমজিএনৰেগা আৰু আন নিৰ্মাণ কাৰ্য।

কৃষি কৰ্ম চলোৱাত কোনো বাধা নাই ৰাজ্যত।

বন্ধ থাকিব সকলো শ্বপিং মল।স্থল-ৰেল আৰু বিমান সেৱা বন্ধ থাকিব।

দেশৰ লগতে অসমতো সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজালৈ কোনো লোক বাহিৰত ওলাব নোৱাৰিব।

দোকানসমূহ খোলা থাকিব গাঁও অঞ্চলত।
চৰকাৰী-বেচৰকাৰী সকলো স্কুল-কলেজ,  শিক্ষানুষ্ঠান বন্ধ থাকিব।

৬৫ বছৰ উৰ্ধৰ আৰু ১০বছৰৰ তলৰ কোনো লোকে ওলাব নোৱাৰিব বাহিৰলৈ।একেদৰে গৰ্ভৱতী মহিলাৰ বাবেও আছে বাধা।তেওঁলোক কেৱল চিকিৎসাজনিত কাৰণত ওলাব পাৰিব।

গ্ৰামাঞ্চলত চলি থকা উদ্যোগসমূহৰ কাম চলি থাকিব।ইটা ভাটা,খাদ্য উৎপাদন,কৃষি সামগ্ৰী পৰিবহণ,পশু পালন আদি কামত কোনো বাধা নাথাকিব।

ৰাজহুৱা স্থানত কোনো লোকে সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব।বন্ধ থাকিব চিনেমা হ'ল,ৰেষ্টুৰাঁঁ আদি।

অসমৰ ৩খন জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ জ’ন।জিলাকেইখন হৈছে মৰিগাওঁ, ধুবুৰী আৰু গোৱালপাৰা।

জিলা প্ৰশাসনে লকডাউনৰ নিয়ম কাৰ্যকৰী কৰিবলৈ জাৰি কৰিব পাৰিব ১৪৪ ধাৰা।

ব্যায়ামগাৰ,ষ্টেডিয়াম আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব।সামাজিক দূৰত্ব সকলোৱে মানি চলিব লাগিব।

উল্লেখ যে ৪ মে'ৰ পৰা ১৭ মে'লৈ ১৪দিনৰ বাবে দেশত বৃদ্ধি কৰা হৈছে লকডাউন।

Your Comments