ভাল খবৰ:"ৰেডজ'নৰ পৰা মুকলি হ'ব গোলাঘাট-নলবাৰী"

Pic

"লকডাউনৰ মাজতে ক'ৰ'না ভাইৰাছ আক্রান্ত ৰোগী চিনাক্ত হোৱা দুই জিলা গোলাঘাট আৰু নলবাৰী দুই-এদিনৰ ভিতৰতে ৰেডজ'নৰ পৰা গ্রীণজ'নলৈ আহিব।শেহতীয়াভাৱে জিলা দুখনত ১৪দিনতকৈ অধিক সময় নতুনকৈ কোনো ক'ৰ'নাত আক্রান্ত হোৱা নাই।"এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী ড: শৰ্মাই লগতে কয়-"ৰেডজ'নৰ সংজ্ঞা দুই-এদিনতে সলনি হ'ব।বৃহস্পতিবাৰৰ পৰা স্পেনিছ গাৰ্ডেন মুকলি হ'ব।"

ইফালে,বুধবাৰৰ দিনটোত ধুবুৰীৰ হজৰত আলী আৰু গোৱালপাৰাৰ ছহিৰুল হক নামৰ ক'ৰ'না আক্রান্ত দুগৰাকী সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।এই কথা মন্ত্ৰী ড: শৰ্মাই প্ৰকাশ কৰে।

'অসম আৰোগ্য নিধি'ত জমা হোৱা পুঁজিৰ যাতে উপযুক্ত ব্যৱহাৰ হয়,তাৰ সকলো তদাৰক কৰিবলৈ ৰাজ্য ছয়গৰাকীকৈ বিশিষ্ট চিকিৎসকক লৈ এখন উপদেষ্টা কমিটী গঠন কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

চিকিৎসাৰ বাবে গৈ দিল্লী,মুম্বাই আদি বিভিন্ন  এলেকাত থকা ৰাজ্যৰ ৮৫৯ গৰাকী চিকিৎসা সম্পূৰ্ণ হোৱা ৰোগীক ঘূৰাই  অনাৰ বাবে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ কথা জানিবলৈ দি মন্ত্ৰী ড: শৰ্মাই কয়- "ভাৰত চৰকাৰৰ অনুমতি পালে বিশেষ বিমানৰ সহায়ত ৰোগীসকলক লৈ আহিব পৰা যাব।আমি কথা পাতি আছোঁঁ।

আন্ত:জিলা যাতায়তৰ পিছতে আন্ত:ৰাজ্যিক যাতায়তৰ কথা আমি ভাবিছোঁ।প্ৰথমে উত্তৰ -পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা ব্যক্তিসকলক অনাৰ ব্যৱস্থা কৰিব লাগিব।মন্ত্ৰী ড: শৰ্মাই লগতে কয়।

Your Comments