বুুুধবাাৰে ৰাজস্থানলৈ ওভতে কোটাৰ পৰা অসমৰ ৩৯১গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছসমূহ।যোৱা ২৭এপ্ৰিলৰ পুৱতি নিশা শিক্ষাৰ্থীৰ দলটোক লৈ অসম আহি পাইছিল বাছকেইখন।
ইফালে,ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ অহা বাছসমূহত লকডাউনৰ ফলত অসমত আৱদ্ধ হৈ থকা ৰাজস্থানৰ প্ৰায় ২৩০ জন যাত্ৰীক লৈ গৈছে।পুৰ্বোত্তৰ পৰিষদীয় মৰোৱাৰী সন্মিলনৰ আহ্বানত ৰাজ্য চৰকাৰে যাত্ৰীসকলক যোৱাৰ অনুমতি প্ৰদান কৰিছে।
ইফালে,যাত্ৰীসকলৰ বাবে ৰাজস্থান চৰকাৰৰ পৰা ইতিমধ্যে অনুমতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে সংগঠনটোৱে।
উল্লেখ্য যে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা ৰাজস্থানৰ যাত্ৰীসকলক লৈ ১৮খন বাছ ইতিমধ্যে ৰাওনা হৈছে।বাছসমূহত উঠাৰ পূৰ্বে যাত্ৰীসকলক মাক্স,ছেনিটাইজাৰ আৰু পানী বটল প্ৰদান কৰা হৈছে।
বাছকেইখনৰ যাত্ৰা আৰম্ভৰ সময়ত অসম আৰক্ষীৰ বহুকেইজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
- Log in to post comments
- 32 views