মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।গাঁও অঞ্চলত কৰা হ'ব কোভিড-১৯ৰ স্কেনিং।এই কথা প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ২৩ হাজাৰ ৰাজহ গাঁৱত কৰা হ'ব স্কেনিং।
মঙলবাৰে ৰাজ্যৰ জিলা উপায়ুক্ত আৰু বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰে বৈঠকৰ পিছতে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।ভিডিঅ' কনফাৰেন্সিঙৰ জড়িয়তে অনুষ্ঠিত বৈঠকখনত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা।
গুৰুত্বপূৰ্ণ যে ৰাজহ গাঁওসমূহলৈ স্বাস্থ্য বিভাগে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব চিকিৎসকৰ দল।ইতিমধ্যে জিলা উপায়ুক্তসকলক ব্যৱস্থা গ্ৰহণ কৰাৰ নির্দেশ প্ৰদান কৰিছে মন্ত্ৰী শৰ্মাই।
- Log in to post comments
- 24 views