লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতি কিদৰে টনকিয়াল কৰিব সোণোৱাল চৰকাৰে?২৯জন অৰ্থনীতিবিদৰ পৰামৰ্শ কি কি?

Pic

লকডাউনে ক্ষতি কৰা ৰাজ্যৰ অৰ্থনীতিৰ যোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ ৰুদ্ধদাৰ বৈঠক।খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী,অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ কেবিনেটৰ বহুকেইগৰাকী মন্ত্ৰী।

লকডাউনৰ সময়ত ৰাজ্যৰ অৰ্থনীতি কিদৰে সুস্থ অৱস্থাত ৰাখিব পৰা যায়,লগতে ইতিমধ্যে বিধ্বস্ত হোৱা ৰাজকোষ কিদৰে টনকিয়াল কৰিব পৰা যায়,সেই সন্দৰ্ভত চৰকাৰক বৈঠকত উপস্থিত থাকি পৰামৰ্শ প্ৰদান কৰে ডিব্ৰুগড়,গুৱাহাটী আৰু আইআইটি  আদিৰ ২৯ গৰাকী অৰ্থনীতিবিদে।তিনি ঘণ্টাতকৈ অধিক সময়ৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-"ৰাজ্য চৰকাৰক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে।তাৰ ভিতৰত কৃষি,উদ্যোগ,জলসিঞ্চন, বাণিজ্যিক,উৎপাদন আদি বিভিন্ন বিষয়ত হ্ৰস্বম্যাদী-দীৰ্ঘম্যাদী সুপৰিকল্পিত কৰ্মসূচী গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।আগন্তক দিনত অসম যাতে অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'ব পাৰে,সেই সন্দৰ্ভত চৰকাৰক ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে।"

Pic

ক'ৰ'না ভাইৰাছৰ এই পৰিস্থিতিৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বিভিন্ন অৰ্থনৈতিক কাম-কাজ,অৰ্থাৎ ব্যৱসায় আৰম্ভ কৰিবলৈ অৰ্থনীতিবিদসকলে পৰামৰ্শ দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় -"কৃষি,চাহ উদ্যোগৰ কাম আৰম্ভ হৈছে।শেহতীয়াভাৱে গ্ৰীণ জ'নসমূহত দোকানসমূহ মুকলি কৰা হৈছে।পৰ্যায়ক্ৰমে পৰিস্থিতিৰ লগত  মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰে জনতাৰ সহযোগত কেনেদৰে আগবাঢ়িব লাগিব,তাৰ পৰামৰ্শ প্ৰদান কৰিছে।"

ব্লক পৰ্যায়লৈ টাস্ক ফ'ৰ্চ গঠনৰ পৰামৰ্শ প্ৰদান কৰি অৰ্থনীতিবিদসকলে ১০০ দিনীয়া কৰ্মসূচী গ্ৰহণ কৰি কৃষি,মীন পালন আৰু উদ্যান শস্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা চৰকাৰক অৱগত কৰিছে।কৃষক,শ্ৰমিক,শিপিনী,যুৱক-যুৱতীসকলক কিদৰে সংস্থাপন কৰিব পৰা যায়,তাৰ অধ্যয়নৰ বাবে টাস্ক ফ'ৰ্চ গঠন  কৰাৰ  পৰামৰ্শ প্ৰদান কৰিছে।এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

দক্ষতাসম্পন্ন যুৱক-যুৱতীসকলক বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োগ কৰাৰ পৰামৰ্শ অৰ্থাৎ উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনৈতিক বুনিয়াদ গঠন কৰাৰ পৰামৰ্শ দিয়া বুলি তেওঁ লগতে কয়।

আনহাতে যিসমূহ খণ্ডত সম্ভাৱনা আছে,তাতে ৰাজহ ব্যয় কৰা  প্ৰয়োজনীয়তা আছে।সেইসমূহ খণ্ডক গুৰুত্ব সহকাৰে ল'ব লাগে বুলি চৰকাৰক পৰামৰ্শ দিয়ে অৰ্থনীতিবিদসকলে।

ইফালে,বৈঠকখনৰ আৰম্ভণিতে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ তথ্য সহকাৰে দাঙি ধৰে।

Your Comments