আৰ এছ এছৰ অনুষ্ঠানলৈ আমন্ত্ৰিত হ’ব ৰাহুল !

rss_rahul

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই এইবাৰ খোদ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সংঘৰ বক্তৃতা অনুষ্ঠানত যোগদানৰ বাবে আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে ৷ ৰাজধানী দিল্লীৰ বিজ্ঞান ভৱনত অহা ১৭ৰ পৰা ১৯ ছেপ্টেম্বৰলৈকে তিনি দিনীয়া বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে আৰ এছ এছে ৷ অগতে নাগপুৰত আৰ এছ এছৰ কৰ্মীসকলৰ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ অংশগ্ৰহণ লৈ বিতৰ্কৰ ঢৌ মাৰ নৌযাওতেই ৰাহুল গান্ধীক আমন্ত্ৰণ জনোৱাৰ আঁৰত আৰ এছ এছৰ কি উদ্দেশ্য আছে তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ লক্ষণীয় যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আৰ এছ এছক এক উগ্ৰ সাম্প্ৰদায়িক শক্তি হিচাপে আখ্যা দিছিল আৰু মহাত্মা গান্ধীৰ হত্যাকাণ্ডত এই সংগঠনটো জড়িত আছিল বুলি মন্তব্য কৰিছিল ৷

এই মন্তব্যৰ কাৰণে সংঘ পৰিয়ালে ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতত গোচৰো তৰিছে আৰু সেই গোচৰৰ শুনানি এতিয়াও চলি আছে ৷ তেনে পৰিস্থিতিত খোদ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক আৰ এছ এছৰ বক্তৃতা অনুষ্ঠানত আমন্ত্ৰণ জনাব খোজাটো তাৎপৰ্যপূৰ্ণ ৷ আৰ এছ এছৰ নেতা তথা প্ৰচাৰ প্ৰমুখ অৰুণ কুমাৰে সংবাদ মাধ্যমক কয় যে বিভিন্ন মতাদৰ্শৰ ব্যক্তিক এই বক্তৃতা অনুষ্ঠানত যোগদানৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব ৷ এই পৰিকল্পনা অনুসৰিয়েই কমিউনিষ্ট নেতা তথা চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীকো আমন্ত্ৰণ জনোৱা হ’ব ৷ অনিল কুমাৰে কয় যে আৰ এছ এছৰ মতাদৰ্শৰ সমৰ্থক আৰু বিৰোধী উভয় শিবিৰৰ ব্যক্তিক এই বক্তৃতা অনুষ্ঠানত নিজৰ নিজৰ বক্তব্য দাঙি ধৰাৰ সুযোগ দিয়া হ’ব আৰু প্ৰত্যেকৰ মতামত আৰ এছ এছ-এ পৰ্যালোচনা কৰিব ৷

rss_rahul

অলপতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে লণ্ডনত এক অনুষ্ঠানত ইজিপ্টৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন মুছলিম ব্ৰদাৰহুড আৰু ভাৰতৰ আৰ এছ এছ একে মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰিছে ৷ এই মন্তব্যৰ পিছতে আৰ এছ এছ আৰু কেন্দ্ৰৰ শাসকদল বিজেপিৰ নেতাসকলে ৰাহুল গান্ধীক চোকা ভাষাত আক্ৰমণ কৰে ৷ ৰাজনৈতিক মহলৰ অভিমত, দিল্লীৰ বক্ততা অনুষ্ঠানত যদি ৰাহুল গান্ধী আৰু সীতাৰাম য়েচুৰীয়ে ভাষণ দিয়ে তেনেহ’লে আসন্ন নিৰ্বাচনৰ পূৰ্বে সংঘ পৰিয়ালে আৰ এছ এছ বিৰোধী নেতাসকলৰ বক্তব্যক কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী স্বাৰ্থত ব্যৱহাৰ কৰিব ৷

নাগপুৰত প্ৰণৱ মুখাৰ্জীয়ে দিয়া ভাষণকো আৰ এছ এছে তেওঁলোকৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তত বিৰোধী কণ্ঠক ফেচিবাদী পদ্ধতিৰে ৰোধ কৰাৰ ঘটনা বাঢ়ি থকাৰ সময়ত আৰ এছ এছে অহা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ স্বাৰ্থত এনে ধৰণৰ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে অভিমত প্ৰকাশ কৰিছে ৷
 

Your Comments