'লকডাউন'ৰ বাবে বন্ধ হৈ থকা ৰহাৰ টোলগেট দেওবাৰ ৰাতি ১২বজাৰ পৰা পুনৰ মুকলি কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ মুকলি বিৰোধিতা কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে সমগ্ৰ দেশত টোলগেটসমূহ খুলি দি পুনৰ জনতাক মাধমাৰ সোধোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ পূৰ্ণ বিৰোধিতা কৰিছোঁ।লগতে,অসমৰ ৰহা আৰু বিজনীৰ টোলগেট যাতে কোনো কাৰণতে মুকলি নহয়,তাৰ বাবে অসম চৰকাৰৰ জড়িয়তে ভাৰত চৰকাৰক আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দাবী জনাইছে সংগঠনটোৱে।
যিসময়ত টোলগেটৰ মাজেৰে কেৱল খাদ্য-সামগ্ৰী,শাক-পাচলি আৰু চিকিৎসাৰ লগত জড়িত গাড়ীসমূহ চলি আছে,তেনে সময়ত পুনৰ টোলগেট মুকলি কৰি গুণ্ডাকৰ সংগ্ৰহৰ জৰিয়তে খাদ্য-সামগ্ৰী পুনৰ মূল্যবৃদ্ধি হ'ব।এই কথা প্ৰকাশ কৰে বৰাই।
ইফালে,কৃষক মুক্তিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা কটন বিশ্ববিদ্যালয় প্ৰাক্তন সাধাৰণ সম্পাদক ছাত্ৰ প্ৰাঞ্জল কলিতাই টোলগেট মুকলি কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয়-'এই সিদ্ধান্ত সম্পূৰ্ণ হঠকাৰী সিদ্ধান্ত।পূৰ্বৰ পৰা নীতি-বৰ্হিভূতভাৱে চলা ৰহাৰ টোলগেটৰ বিৰোধিতা কৰিছোঁ।'
"ৰাইজ বৰ্তমান সময়ত বিপৰ্যয়ৰ সন্মুখীন হৈছে।তেনে সময়ত অসম চৰকাৰে কিহৰ ভিত্তিত ৰহাৰ টোলগেট পুনৰ মুকলি কৰিছে,সেই সিদ্ধান্তত আমি সন্দেহ প্ৰকাশ কৰিছোঁ"-কলিতাই কয়।
যিসময়ত কৃষকে পেলাই দিব লগা হোৱা শাক-পাচলি,গাখীৰ চৰকাৰে ক্ৰয় কৰি নিজাকৈ বিক্ৰী কৰাৰ ব্যৱস্থা কৰি অসমৰ গ্রাম্য অৰ্থনীতিক সকাহ দিব লাগিছিল,সেই সময়ত চৰকাৰে কেৱল নিজৰ কথা ভাবি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে টোলগেট মুকলি কৰিব বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাঞ্জল কলিতাই।
ইফালে,সংগঠন দুটাৰ দাবী-'শীঘ্ৰে টোলগেট বন্ধ কৰক আৰু বিপদৰ সময়ত অসমৰ ৰাইজৰ কাষত থিয় দিয়ক।'
- Log in to post comments
- 53 views