'লকডাউন'ত অসমৰ বাহিৰত আৱদ্ধ হৈ থকা ৮৬ হাজাৰ ব্যক্তিলৈ আৰ্থিক অনুদান প্ৰদান কৰে ৰাজ্য চৰকাৰে।'আসাম কেয়াৰ' আঁচনিৰ অধীনত প্ৰতিজন ব্যক্তিৰ বেংক একাউণ্টত ২০০০টকাকৈ দিয়াৰ কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কাৰ্যালয়ত ডঃ শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰি ডিজিটেল মাধ্যমৰ জৰিয়তে সকলোৰে একাউণ্টলৈ নিৰ্দিষ্ট অনুদান প্ৰদান কৰা কথা ঘোষণা কৰে।
গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ যিসমূহ চিকিৎসালয় ক'ৰ'না হাস্পতাললৈ পৰিৱর্তন কৰা হৈছিল, সেই চিকিৎসালয়সমূহ পুনৰ অহা ২৪ মার্চৰ পৰা সকলো ৰোগীৰ বাবে মুকলি কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।
ৰাজ্য সকলোবোৰ মেডিকেল কলেজ হাস্পতালৰ উপৰিও বহুকেইখন চিকিৎসালয় একমাত্ৰ ক'ৰনা চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হৈছিল।কিন্তু বৰ্তমান সময়ত পৰিৱেশ উন্নত হোৱাত স্বাস্থ্য বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে,পূৰ্বে ঘোষণা কৰা ৰাজ্যত ক'ৰ'না হাস্পতাল এতিয়া নিৰ্মাণ কৰা নহয়।তাৰ সলনি ৰাজ্যত যিসমূহ চিকিৎসালয় বৰ্তমান সময়ত সম্পূৰ্ণ হৈ উঠা নাই বা পর্যাপ্ত সুবিধা নাই,সেইসমূহ সম্পূৰ্ণ কৰাৰ বাবে অসম আৰোগ্য নিধিত জমা হোৱা ৰাইজৰ বৰঙণি খৰছ কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।অসম আৰোগ্য নিধিত এশ কোটি জমা হোৱাৰ পিছতে বন্ধ কৰি দিয়া হ'ব ৰাইজৰ পৰা বৰঙণি লোৱা ব্যৱস্থা।এই কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।
- Log in to post comments
- 25 views