গুৱাহাটীৰ তাজ ভিভান্তাত কোৱাৰেণ্টাইনত থকা ৬ গৰাকী চিকিৎসক-নাৰ্ছক যাবলৈ দিয়া হ'ল ঘৰলৈ

Pic

ৰাজ্যৰ ক'ৰনা আক্রান্তক চিকিৎসা কৰা নাৰ্ছ আৰু ডাক্তৰৰ এটা দলক সোমবাৰে দিয়া হৈছে ঘৰলৈ যাবলৈ।সাত দিন ক'ৰনা আক্রান্তৰ সেৱাৰ লগত জড়িত থকা দলটো বিগত ১৪দিন কোৱাৰেণ্টাইনত আছিল গুৱাহাটীৰ মহানগৰীৰ হোটেল তাজ ভিভিণ্টাত।মুঠ ৩৯ গৰাকী চিকিৎসক-নাৰ্ছ হোটেলখনত কোৱাৰেণ্টাইত আছিল।তাৰে আজি প্ৰথমটো দল ৬ গৰাকীক দিয়া হৈছে ঘৰলৈ যাবলৈ।ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দলটোক হোটেলত গৈ গামোচা পিন্ধাই ঘৰলৈ যোৱাৰ অনুমতি দিয়ে।

Pic

উল্লেখ যে দুটা দিন ঘৰত থাকি চিকিৎসক-নাৰ্ছসকলক পুনৰ কৰ্তব্যত যোগদান কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী শৰ্মাই।

বৰ্তমান,৩৩জন চিকিৎসক-নাৰ্ছ হোটেলখনত কোৱাৰেণ্টাইন হৈ আছে।

Your Comments