মহামাৰী ক'ৰ'না বিৰোধী যুঁঁজলৈ ৰাজ্য চৰকাৰলৈ সহায়ৰ হাত ৰাজ্যৰ জনতাৰ।ৰাইজৰ সহায়ত অসম আৰোগ্য নিধিত ইতিমধ্যে জমা হৈছে ১০০কোটি টকা।উল্লেখ্য যে আৰোগ্য নিধিলৈ ৪৫হাজাৰ ৮২৯ গৰাকী ব্যক্তিয়ে আগবঢ়াইছে আৰ্থিক বৰঙণি।
ইফালে,ক'ৰ'না বিৰোধী যুঁঁজলৈ ৰাজ্য চৰকাৰলৈ দেওবাৰে কামৰূপ(ম) জিলা পৰিবহণ বিষয়া বাপন কলিতাই আগবঢ়ায় সাহায্য।স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসম আৰোগ্য নিধিলৈ ১ লাখ টকাৰ চেক প্ৰদান কৰে বাপন কলিতাই।
- Log in to post comments
- 11 views