ৰাজ্যত ক'ৰ'না সংক্ৰমণৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰে।গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী ড:শৰ্মাই কয়-"দেশৰ অন্য ৰাজ্যৰ তুলনাত বৰ্তমান সময়লৈকে অসমৰ পৰিস্থিতি যথেষ্ট সন্তোষজনক।"
বৰ্তমান সময়ত অসমত প্ৰতি ১০লাখ ব্যক্তিৰ ভিতৰত ১২০জনক কৰা হৈছে ক'ৰ'না পৰীক্ষা।ৰাজ্যৰ মুঠ পাঁচটা পৰীক্ষাগাৰত বৰ্তমান সময়লৈকে ৪,৪০০টা নমুনা পৰীক্ষা কৰা হৈছে।তাৰে ৩৪টা পজিটিভ হোৱাৰ বিপৰীতে ৪১৯৯টা নিগেটিভ।১৬৭টাৰ ৰিজাল্ট বৰ্তমান ওলাবলৈ বাকী আছে।এই কথা প্ৰকাশ কৰে মন্ত্ৰী ড:শৰ্মাই।
শেহতীয়াভাৱে তেজপুৰ মেডিকেল কলেজে ক'ৰ'না নমুনা পৰীক্ষা কৰিবলৈ স্বীকৃতি পাইছে।সেই অনুসৰি বৰ্তমান ৰাজ্যত ৬টালৈ বৃদ্ধি পালে পৰীক্ষা কেন্দ্ৰ।এই কথা ড: শৰ্মাই সংবাদ মেলত প্ৰকাশ কৰে।
গুৰুত্বপূৰ্ণ যে ৰাজ্যত মুঠ ক'ৰ'নাত আক্রান্ত হৈছে ৩৪জন ব্যক্তি।তাৰে এগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে ১২জন বৰ্তমান সময়লৈ সুস্থ হৈ ঘৰলৈ উভতিছে।২১জন বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি উল্লেখ কৰি শৰ্মাই কয়-"মুঠ আক্রান্তৰ ৪জন অসমৰ বাহিৰৰ উত্তৰ প্ৰদেশৰ চামেলি জিলাৰ।৩২জন আক্রান্ত নিজামুদ্দিনৰ সৈতে জড়িত।এজনে ডুবাই ভ্ৰমণ কৰিছিল আৰু এজনৰ সূত্ৰ বৰ্তমান সময়লৈকে ধৰিব পৰা নাই।"
মন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত আক্রান্তৰ বয়স ১৮ৰপৰা ৭১বছৰলৈকে।তাৰে ভিতৰত ৫০-৬০ বছৰৰ ভিতৰৰ আক্রান্তৰ সংখ্যা অধিক।একেদৰে লিংগ হিচাপত ৰাজ্যত আক্রান্ত হৈছে ৭৯%পুৰুষৰ বিপৰীতে ২১%মহিলা।
আন এটা গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বতে কেৱল নমুনা পৰীক্ষা বাবে ব্যক্তিৰ ডিঙিৰ পৰা লোৱা হৈছিল নমুনা।কিন্তু এতিয়াৰে পৰা নাক আৰু ডিঙিৰ পৰা মিশ্ৰিত ৰূপত লোৱা হ'ব নমুনা।মন্ত্ৰী শৰ্মাই কয়।
ইফালে,বৰ্তমানলৈ আক্রান্ত হোৱা ৩৪জন ৰোগীৰ পৰিয়ালক ২৮দিনৰ কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে বাকীসকলক অৰ্থাৎ যিসকলে আক্রান্ত ব্যক্তিক এবাৰ লগ পাইছিল, সেইসকল লোকক ১৪দিন কোৱাৰেণ্টাইন কৰি পুনৰ পৰীক্ষা কৰি দিয়া হ'ব যাবলৈ।ৰাজ্যবাসীৰ বাবে ভাল খবৰ এয়ে যে বৰ্তমান সময়লৈকে চিনাক্ত ৰোগীসকলৰ কোৱাৰেণ্টাইন অৱস্থাত ধৰা পৰিছে ক'ৰ'না আক্রান্ত হোৱাৰ কথা।ফলত তেওঁলোকে সমাজত সংক্ৰমণ কৰিব পৰা নাই ক'ভিড-১৯।এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।ৰাজ্যত শনিবাৰৰ দিনটোলৈ হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে ১২হাজাৰ লোকক। স্বাস্থ্য বিভাগৰ আস্থায়ী শিবিৰত কোৱাৰেণ্টাইন কৰা আছে ১৫১২জনক আৰু মেডিকেলত আছে ৯৮জন।এই তথ্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।
- Log in to post comments
- 32 views