'লকডাউন'ৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰশাসনৰ অনুমতি লৈ আৰম্ভ কৰা হৈছে চাহ বাগিচাৰ কাম-কাজ।অন্য জিলাৰ দৰে যোৰহাট জিলাতো প্ৰশাসনৰ নির্দেশনা মানি আৰম্ভ হৈছে বাগিচাৰ কাম-কাজ।
জিলাখনৰ মৰিয়নী বিধানসভা সমষ্টিতো ক্ষুদ্ৰ আৰু কোম্পানীৰ বাগিচাসমূহত প্ৰশাসনে বান্ধি দিয়া নির্দেশনা মতে আৰম্ভ হৈছে চাহ বাগিচাৰ পাত তোলাৰ পৰা আৰম্ভ কৰি সকলো কৰ্ম।
ইফালে,চাহ বাগিচাৰ কৰ্ম আৰম্ভ হোৱাৰ পিছতে চাহ শ্ৰমিকসকলক ক'ৰ'নাৰ পৰা কেনেদৰে বাচি থাকিব পাৰি,সেই সন্দৰ্ভত চাহ বাগিচাই-বাগিচাই গৈ বুজাইছে সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে।বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলক মাক্স যোগান ধৰা হৈছে নাই,সেই সন্দৰ্ভত নিজে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।
সমষ্টিটোৰ অন্তৰ্গত চৈকতা,খেৰুকটিয়া, সোণোৱাল,হাতীজুৰি,দিহিঙীয়াপাৰা, হেমলাই আদি চাহ বাগিচা ভ্ৰমণ কৰিছে।বাগিচাত কাম কৰি থকা শ্ৰমিকসকলে কিদৰে নিজৰ স্বাস্থ্যৰ যত্ন লৈ ক'ৰ'নাৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব,কুর্মীয়ে নিজে গৈ বুজাইছে শ্ৰমিকসকলক।
- Log in to post comments
- 23 views