অসমৰ ৩.৫০ কোটি জনতাক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা বচাবলৈ ৰাজ্যত ব্যাপক হাৰত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰক।অসম চৰকাৰক উদ্দেশ্যি এই দাবী অসম সংগ্ৰামী মঞ্চৰ।এটা বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰি ক'ৰ'না ভাইৰাছৰ ক্ষেত্ৰত অসমত অধিক লোকক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।উচ্চতম ন্যায়ালয়ৰ অশোক ভূষণ আৰু ৰবীন্দ্ৰ এচ ভাটৰ খণ্ড বিচাৰপীঠে ৪ এপ্ৰিলত দিয়া ৰায়ত কেন্দ্ৰীয় চৰকাৰক ক'ভিড-১৯ৰ প্ৰসঙ্গত বিনামূলীয়াভাৱ অধিক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।এই কথা উনুকিয়াই কোঁৱৰ আৰু ফুকনে অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ ৰায়ক কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।কোঁৱৰ আৰু ফুকনে অভিযোগ কৰি কয়,অসমত অতি নগণ্যসংখ্যক লোককহে এতিয়ালৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰীক্ষা কৰিছে।ৰাজ্যখনৰ প্ৰায় ৩ কোটি ৫০ লাখ মানুহৰ ভিতৰত মাত্ৰ ৩,৬১৩ জনকহে পৰীক্ষা কৰিলে এই মাৰাত্মক ভাইৰাছৰ ভয়াৱহতা প্ৰতিৰোধ কৰা নিশ্চয় সম্ভৱ নহয়।অসম চৰকাৰে ৩৪ জন লোক আক্ৰান্ত হোৱাৰ সম্ভেদ পোৱাৰ পিছত সেইসকলৰ সংৰ্স্পশলৈ অহা সকলকহে আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা কিছুসংখ্যক লোকক পৰীক্ষা কৰিছে।চৰকাৰে ইতিমধ্যে চিনাক্ত কৰা অঞ্চলসমূহত ক'ভিড-১৯ৰ পৰীক্ষা কৰিবলৈ সংগ্ৰামী মঞ্চই মুখ্য মন্ত্ৰী সোণোৱালক আহ্বান জনায়।
নেতাদ্বয়ে কয় যে এই ক্ষেত্ৰত অৰ্থৰ ক্ষেত্ৰত নিশ্চয় চৰকাৰে চিন্তা কৰিব লগা নাই,কাৰণ অসমৰ ৰাইজে ইতিমধ্যে ক'ৰ'না প্ৰতিৰোধৰ আৰোগ্য নিধিলৈ প্ৰায় ১০০ কোটি টকাৰ সাহায্য আগবঢ়াইছে।অসম সংগ্ৰামী মঞ্চৰ নেতাদ্বয়ে কয়-ক'ৰ'না ভাইৰাছৰ চিকিৎসাৰ বাবে আন্তঃগাথঁনিৰ নিশ্চয় প্ৰয়োজন আছে,সমান্তৰালভাৱে পৰীক্ষা কৰাটোও খুবেই গুৰুত্বপূৰ্ণ।অন্য দেশৰ তুলনাত ভাৰতত এই মাৰাত্মক ভাইৰাছে কিমান লোকক আক্ৰান্ত কৰিছে, তাৰ পৰীক্ষা অতি কমসংখ্যক লোকৰ মাজতহে কৰা পৰিলক্ষিত হৈছে। বিবৃতিটোত কোঁৱৰ আৰু ফুকনে অভিযোগ উত্থাপন কৰি কয়,অন্য দেশত ১০০ জন লোকৰ ভিতৰত অতি কমেও এজনৰ পৰীক্ষা কৰাৰ বিপৰীতে দিল্লীত ১০ লাখৰ ভিতৰত ৮৩০ জনৰ,কেৰালাত ৫০০ জনৰ,ৰাজস্থানত ৫৫০ জনৰ, মহাৰাষ্ট্ৰত ৪২৫ জনৰ,তামিলনাডুত ৩১০ জনৰ,গুজৰাটত ২৬৫ জনৰ,উত্তৰ প্ৰদেশত ৯০ জনৰ আৰু অসমৰ ১০ লাখ লোকৰ ভিতৰত মাত্ৰ ৯৭ জনৰ অৰ্থাৎ ৩ কোটি ৫০ লাখ লোকৰ ভিতৰত মাত্ৰ ৩,৬১৩ জনৰহে পৰীক্ষা কৰা হৈছে।অসমৰ ভবিষ্যতৰ স্বাৰ্থত ব্যাপক হাৰত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অসম সংগ্ৰামী মঞ্চই মুখ্যমন্ত্ৰীক আহ্বান জনায়।
- Log in to post comments
- 18 views