স্পেনিছ গাৰ্ডেনৰ মনীষ টিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুই যুৱতীক কোৱাৰেণ্টাইন

Pic

গুৱাহাটী মহানগৰীৰ প্ৰথমজন ক'ৰ'না আক্ৰান্ত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনীষ টিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুই যুৱতীক কৰা হৈছে কোৱাৰেণ্টাইন।উল্লেখ্য যে চিকিৎসাধীন মনীষৰ এটা কোম্পানীত কৰ্মৰত আছিল নলবাৰীৰ দুই যুৱতী।যুৱতী দুগৰাকীৰ এগৰাকী নলবাৰী ঘগ্ৰাপাৰৰ আৰু আন গৰাকী যজ্ঞভূমিৰ বুলি জানিবলৈ পৰা গৈছে। 

গুৰুত্বপূৰ্ণ যে যুৱতীদ্বয়ে কাম কৰা কোম্পানীটোলৈ যোৱা ২০ মাৰ্চত গৈছিল মনীষ।সুৰক্ষাজনিত কাৰণত কোৱাৰাইণ্টাইন কৰা হৈছে যুৱতী যুৱতী দুগৰাকীক।হোম কোৱাৰাইণ্টাইনত থকাৰ পিছতে বৰ্তমান হাস্পতাললৈ অনা বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে।নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰাইণ্টাইন ৱাৰ্ডত আছে যুৱতীদ্বয়।

Your Comments