কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা 'নিয়া'ৰ।কৃষক নেতা গগৈৰ বিৰুদ্ধে গুৱাহাটীৰ চানমাৰিস্থিত 'নিয়া'ৰ আদালতত ১/২০২০ নম্বৰত অন্য এটা গোচৰ ৰুজু কৰা হৈছে।উল্লেখ্য যে ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা গগৈৰ চাবুৱা থানাত ২৯/১৯ নম্বৰৰ যিটো গোচৰ আছিল,সেই গোচৰটো 'নিয়া'লৈ হস্তান্তৰ কৰা হৈছে।সেই গোচৰেই বৃহস্পতিবাৰে আদালতত ৰেজিষ্ট্ৰাৰ কৰা হৈছে।এই কথা প্ৰকাশ কৰে অধিবক্তা কৃষ্ণ গগৈয়ে।অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰুজু হোৱা গোচৰত অহা ২৩ এপ্ৰিলত 'নিয়া'ৰ আদালতত কৃষক নেতা গগৈক হাজিৰ কৰোৱাৰ বাবে নির্দেশ দিয়া হৈছে।
১৩/১৯'নিয়া'ৰ পূৰ্বৰ জামিন লাভ কৰা গোচৰ বৰ্তমান স্থগিত ৰখা হৈছে।
ইফালে,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য কেইজন কাৰাৰূদ্ধ নেতাৰ কণ্ঠস্বৰ পৰীক্ষা 'নিয়া'ই গ্ৰহণ কৰিব পাৰিব বুলি বৃৃহস্পতিবাৰে আদালতে ৰায় প্ৰদান কৰে।এই কথা প্ৰকাশ কৰে গগৈৰ পক্ষৰ অধিবক্তাই।
- Log in to post comments
- 28 views