ৰাজ্যবাসীৰ বাবে এটা দুখবৰ।ৰাজ্যত পুনৰ দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছৰ উপস্থিতি।মৰিগাঁও জিলাত নতুনকৈ চিনাক্ত হোৱা আক্রান্ত দুগৰাকী নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা ব্যক্তিৰ সান্নিধ্যত আছিল।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে ব্যক্তি দুজনৰ নমুনাৰ পৰীক্ষাত ধৰা পৰিছে "ক'ভিড-১৯"ত আক্রান্ত হোৱাতো।
গুৰুত্বপূৰ্ণ যে ৰাজ্যত নতুনকৈ দুগৰাকী লোক চিনাক্ত হোৱাৰ পিছত ৰাজ্যত আক্রান্তৰ সংখ্যা হ'লগৈ ৩৪জন।ইফালে,বৰ্তমান সময়লৈকে ৰাজ্যত ৫ গৰাকী ৰোগী সুস্থ হৈ উঠাত যাবলৈ দিয়া হৈছে ঘৰলৈ।
- Log in to post comments
- 43 views