ৰঙালী বিহুত ঢুলীয়াৰ ৰূপত মন্ত্ৰী যোগেন মহন,নাচনীৰ সাজত পত্নী অলী মহন

Pic

ক'ৰ'না আতংকৰ বাবে 'লকডাউন'ৰ মাজতে ঘৰতে আৱদ্ধ হৈ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবর্ষক আদৰিছে ৰাজ্যবাসীয়ে।মহামাৰী আতংকৰ বাবে এইবাৰ ৰঙালী বিহুত পূৰ্বৰ দৰে আনন্দ দেখা নাই যদিও পৰম্পৰা ৰক্ষা কৰি প্ৰশাসনৰ নির্দেশনাৰ মাজত পালন কৰিছে হেঁপাহৰ বিহুটি।

ব্যতিক্ৰম হৈ ৰোৱা নাই ১০৫নং মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা স্বতন্ত্ৰ ৰাজহ মন্ত্ৰী যোগেন মহন।পৰিয়ালৰ সৈতে থাকি মন্ত্ৰী মহনে উদযাপন কৰিছে বিহু।কান্ধত ঢোল লৈ পত্নী অলী মহনৰ সৈতে উদযাপন কৰিছে বিহু।মন্ত্ৰী স্বামীৰ ঢোলৰ চেৱে-চেৱে কঁকাল ভাঙি নাচিছে পত্নী অলীয়ে।উল্লেখযোগ্য যে পূৰ্বৰে পৰা মন্ত্ৰী মহনৰ বিহু মৰাত আছে প্ৰবল হেঁপাহ।

ইফালে,মহামাৰী ক'ৰ'নাৰ বাবে ৰাইজক নিজ-নিজ ঘৰতে আৱদ্ধ হৈ পৰিয়ালৰ সৈতে ৰঙালী বিহু পালনৰ আহ্বান জনাইছে সোণোৱাল চৰকাৰৰ স্বতন্ত্ৰ মন্ত্ৰীগৰাকীয়ে।

Your Comments