অসম আৰক্ষীলৈ জিপি সিঙৰ আহ্বান-'বন্ধুসকল আহক,২০ এপ্ৰিললৈ আমি দয়াহীন হওঁঁ'

Pic

ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি দেশত 'লকডাউন'ৰ ম্যাদ বৃদ্ধি কৰা হ'ল ৩ মে'লৈ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা।পূৰ্বতে যোৱা ২৪ মার্চৰ পৰা মঙলবাৰৰ দিনটোলৈকে অৰ্থাৎ ২১দিনৰ বাবে ঘোষণা কৰা হৈছিল লকডাউন।কিন্তু শেহতীয়াভাৱে দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি  পাই থকাত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা বুলি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক উদ্দেশ্য কৰি কয়।

ক'ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৩ মে’লৈকে দেশৰ জনতাই লকডাউনৰ পালন কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়-"ৰাজ্যসমূহৰ পৰামৰ্শ গ্ৰহণ কৰি লকডাউন বৃদ্ধি কৰা হৈছে।অহা ২০ এপ্ৰিললৈকে দেশত অতি কঠোৰ হ'ব লকডাউন।তাৰ পিছত ৰাজ্যসমূহৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি কিছু ক্ষেত্ৰত সম্ভৱ হ'লে সমান্য শিথিল কৰা হ'ব লকডাউন।কিন্তু ২০এপ্ৰিললৈ কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব।"

ইফালে প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিঙে ৰাজ্যৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাই কয়- ”আৰক্ষী বন্ধুসকল আহক, ২০ এপ্ৰিললৈ আমি দয়াহীন হওঁ।” 

গুৰুত্বপূৰ্ণ  যে জিপি সিঙৰ টুইটৰ পৰাই অনুমান কৰিব পাৰি লকডাউন ভংগকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ হ’ব অসম আৰক্ষী।

Your Comments