পৰিচয়ৰ অভাৱৰ বাবেই খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশী লোকসকলে আজি বাংলাদেশীৰ সন্দেহত হাৰাশাস্তি ভুগি আহিছে ৷ এই অভিযোগ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ ৷
দেওবাৰে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত অসম কৃষ্টি বিকাশ সংঘত পৰিষদৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন বিশেষ সভাত উপস্থিত থাকি সাধাৰণ সম্পাদকগৰাকীয়ে এই অভিযোগ কৰে ৷
পৰিষদৰ কেন্দ্ৰীয় সদস্য চৈয়দ ইমৰাণ আলীৰ সভাপতিত্বত সভাত নিজৰ ভাষণত সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে কয় যে গৰিয়া-মৰিয়া-দেশী লোকসকল চিনাক্তকৰণ নোহোৱাৰ বাবেই বিভিন্ন সময়ত 'ডি' ভোটাৰ সজাই তেওঁলোকক ডিটেনচন কেম্পলৈ পঠিয়াই দি হাৰাশাস্তি কৰি আহিছে ৷
সেয়ে এতিয়া অসমৰ বিভিন্ন ঠাইৰ চুকে-কোণে থকা ৪৫ লাখ খিলঞ্জীয়া গৰিয়া-মৰিয়া দেশী লোকসকল আৰু শান্ত হৈ বহি নাথাকে ৷ নেতাগৰাকীয়ে গৰিয়া-মৰিয়া-দেশী লোকসকলক 'ডি' ভোটাৰমুক্ত কৰা আৰু চৰকাৰীভাৱে বিশেষ লোকপিয়লৰ জৰিয়তে চিনাক্তকৰণ কৰাৰ দাবীত অহা ১৩ অক্টোবৰত পৰিষদে গুৱাহাটীত বিশাল গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও কয় ৷
সভাত কেন্দ্ৰীয় উপ-সভাপতি নাছিৰ উল্লাহ পাটগিৰি, জাকিৰ আলী, বাবুল আলী আদিয়েও ভাষণ ৰাখে ৷
- Log in to post comments
- 5 views