"কাৰাগাৰৰ ভিতৰত অখিল গগৈক হত্যা কৰা ষড়যন্ত্ৰ চলিছিল,ক'ৰ'না প্ৰতিৰোধৰ ব্যৱস্থা নাই":ধৈৰ্য কোঁৱৰ

Pic

"বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো গ্ৰহণ কৰা হৈছে ব্যাপক প্ৰতিৰোধৰ ব্যৱস্থা।যাতে কোনো কাৰণতে সংক্ৰমণ হ'ব নোৱাৰে ক'ৰ'নাৰ।ৰাজ্য চৰকাৰে সংক্ৰমণ ৰোধৰ বাবে প্ৰথম পদক্ষেপ হিচাপে শিক্ষানুষ্ঠান, চিত্ৰগৃহ,ৰাজহুৱা সভা-সমিতিৰ পৰা আৰম্ভ কৰি জনসমাগম হোৱা সকলো স্থান বন্ধ কৰি দিয়া হৈছে।ৰাইজকো সচেতন হৈ থাকিবলৈ বাৰে বাৰে আহ্বান জনাইছে স্বাস্থ্য বিভাগে।কিন্তু, এই সময়তে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কাৰাৰুদ্ধসকলৰ বাবে নাই কোনো বিশেষ ব্যৱস্থা।শংকাত ভুগিছে কাৰাৰুদ্ধসকল"-এই মন্তব্য কাৰাৰুদ্ধ কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ।বিগত তিনিমাহ ধৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকাৰ পিছত বৃহস্পতিবাৰে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ অনা হয় কোঁৱৰক।চিকিৎসালয়লৈ অনাৰ পিছত এই বিষয়ে ধৈৰ্য কোঁৱৰে সাংবাদিকৰ আগত কয়-"কাৰাগাৰত স্কেনিঙৰ নাই কোনো ব্যৱস্থা।যোগান ধৰা নাই চেনিটাইজাৰ, মাক্স আদিৰো।" ইয়াৰ সমান্তৰালকৈ ক'ৰ'নাৰ বাবে সজাগতাৰ ব্যৱস্থা নাই কাৰাগাৰৰ ভিতৰত।মেডিকেলতো কোনো উন্নত চিকিৎসা ব্যৱস্থা নাই। আনহাতে,অখিল গগৈক হত্যা কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ তুলি ধৈৰ্যই কয়-"ৰাইজ লগত থকাৰ বাবে হত্যা কৰিবলৈ নোৱাৰিলে।দীৰ্ঘদিন ধৰি 'নিয়া'ৰ জড়িয়তে কাৰাবন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল চৰকাৰে।কিন্তু,অসমৰ ৰাইজৰ ব্যাপক প্ৰতিবাদ,দেশ-বিদেশত ব্যাপক প্ৰতিবাদ,ছাত্ৰ সমাজৰ প্ৰতিবাদত ন্যায়ালয়ত জামিন মঞ্জুৰ হৈছে।" কৃষক মুক্তি আৰু অখিলৰ ওপৰত আক্ৰমণ হোৱা বুলি উল্লেখ কৰি কোঁৱৰে আৰু কয়-"ষড়যন্ত্ৰ বিফল হব।ফেচিষ্ট-স্বেচ্ছাচাৰী নিপাত যাব।সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা নিপাত যাব।"

Your Comments