"বিজেপি-আৰএছএছৰ বাবে অখিল সন্ত্ৰাসবাদী-মাওবাদী হ'ব পাৰে,কিন্তু ৰাইজৰ বাবে বন্ধু"-শিল্পী লোকনাথ গোস্বামী

Pic

কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ 'কা' বিৰোধী আন্দোলনৰ কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ লগতে সংগ্ৰামী নেতা অখিলৰ উন্নত চিকিৎসা প্ৰদান কৰাৰ দাবীৰে গুৱাহাটীত গণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ  কৰা হয়।বুধবাৰে মহানগৰীৰ ৰ'টাৰী পইণ্টত    ৰূপায়ণ কৰা এই কাৰ্যসূচীত  অংশগ্ৰহণ কৰে বিভিন্ন দল- সংগঠন,বিশিষ্ট বুদ্ধিজীৱী, নাগৰিক সমাজ,ছাত্ৰ সমাজে।নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী সমন্বয় সমিতি, 'কা' বিৰোধী অসমৰ ছাত্ৰ সমাজ, সন্মিলিত সংগ্রাম পৰিষদ আৰু নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ আহ্বানত সাব্যস্ত  কৰাা এই গণ প্ৰতিবাদত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত,অধিবক্তা শান্তনু বৰঠাকুৰ, সাংবাদিক মনোৰম গগৈ, ড:অপূৰ্ব বৰুৱা, দেৱেন তামুলী, কমল কুমাৰ মেধি আৰু  কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিয়ে।

কাৰ্যসূচীত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ।প্ৰতিবাদত উপস্থিত থাকি শিল্পী লোকনাথ গোস্বামীয়ে কয়- "বিজেপি-আৰএছএছৰ বাবে অখিল সন্ত্ৰাসবাদী-মাওবাদী হ'ব পাৰে,কিন্তু ৰাইজৰ বাবে নহয়।অখিল ৰাইজৰ বন্ধু।"

গুৱাহাটী পদপদ ব্যৱসায়ী সন্থাৰ সভাপতি নৰেন ৰাজবংশীয়ে গণ প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়-"ৰাইজৰ সৈতে আছে ৪৫ হাজাৰ পদপথৰ ব্যৱসায়ী।"

Your Comments