কৰ্মহীন ১৭ হাজাৰ ৰেপিড' চালক:'আমাৰ পেটত গোৰ মাৰিছে চৰকাৰে'

Pic

গুৱাহাটীত চলাচল কৰা ৰেপিড' বাইক সেৱা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে বন্ধ কৰাৰ প্ৰতিবাদত দেওবাৰে গুৱাহাটীত বৃহৎ প্ৰতিবাদী ৰেলী উলিওৱা হয়।বাইক কোম্পানীটোৰ প্ৰায় ১৭ হাজাৰ চালকে চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত  সাব্যস্ত কৰে  প্ৰতিবাদ।উল্লেখ যে শনিবাৰে জিলা প্ৰশাসনে ৰেপিড' বাইক সেৱা বন্ধ কৰিছিল।জিলা পৰিবহণ বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল কৰি তোলে ৰাজপথ।   

"নিবনুৱাৰ সংস্থাপন দিব নোৱাৰা চৰকাৰে কৰি থকা কামটো বন্ধ কৰি আমাৰ পেটত গোৰ মাৰিছে"- এজন চালকৰ ভাষ্য।

আনহাতে,পৰিবহণ বিভাগে অনুজ্ঞাপত্ৰ নথকাৰ বাবে বন্ধ কৰাৰ বুলি কোৱা প্ৰসঙ্গক উল্লেখ কৰি বাইক চালকসকলে কয়-"প্ৰতিটো ভাড়াৰ বিনিময়ত আমি জিএছটি দি আছোঁ।যদি আমাৰ অনুজ্ঞাপত্ৰ নাই,তেন্তে চৰকাৰে কিয় জিএছটি লৈছে"।

ইফালে,চালকসকলে চানমাৰিত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে বাইক ৰেলী কৰি সমগ্ৰ বিষয়টোত শিল্পী জুবিন গাৰ্গৰ সহায় বিচাৰি খাৰঘূলিলৈ যায়।কিন্তু জুবিন নিজৰ কামত ব্যস্ত থকাৰ বাবে খাৰঘূলিত তেওঁলোকে আজি সাক্ষাৎ নাপালে।কিন্তু তেওঁলোকে শিল্পীগৰাকীৰ সৈতে যোগাযোগ কৰে আৰু অহা ৫ মাৰ্চত তেওঁলোকৰ সৈতে এখন বৈঠকত মিলিত হ'ব বুলি আশ্বাস প্ৰদান কৰে।

Your Comments