তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ এসময়ৰ প্ৰবীণ নেতা ৰাম প্ৰসাদ শৰ্মাই যোগদান কৰিব কংগ্ৰেছত।বিগত তিনিদিন ধৰি দলটোৰ শীর্ষ নেতৃত্বক দিল্লীত শৰ্মাই সাক্ষাৎ কৰিছে।বৰ্তমান কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ কৰাৰ বাবে অপেক্ষাত আছে।প্ৰাপ্ত তথ্য অনুসৰি সাংগঠনিক সম্পাদকগৰাকীক সাক্ষাৎ কৰাৰ পিছতে অহা দুই-তিনিদিনৰ ভিতৰত শৰ্মাই আনুষ্ঠানিকভাৱে যোগদান কৰিব। গুৰুত্বপূৰ্ণ কথা এই যে বিগত লোকসভাৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট নোপোৱাৰ পিছতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছিল শৰ্মাই।তাৰ পৰৱৰ্তী পৰ্যায়ত তৃণমূল কংগ্ৰেছত আৰ পি শৰ্মাই যোগদান কৰিব বুলি এটা খবৰ ওলাইছিল।
- Log in to post comments
- 58 views