ৰাজভৱনৰ সন্মুখত আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

Pic

ৰাজভৱনৰ সন্মুখত আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট।তিনিদফীয়া দাবী লৈ সংগঠনকেইটাই ৰূপায়ণ কৰিছে ধৰ্মঘট কাৰ্যসূচী।সোমবাৰে পুৱাৰে পৰা গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সংগঠনকেইটাৰ প্ৰায় শতাধিক সদস্যই।

সংগঠনকেইটাৰ প্ৰধান দাবীসমূহ হৈছে-আমৰি কাৰ্বিক ষষ্ঠ অনুসূচীৰ আধাৰত পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদান কৰা।বিতৰ্কিত 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিল কৰা।লগতে ডিমৰীয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰা।এই কথা জানিবলৈ দিছে আমৰি কাৰ্বি নেচনেল কাউঞ্চিলৰ সভাপতি পদুম ইংতিয়ে।

Your Comments