প্ৰসংগ 'কা':ক'লা বেজ,গামোচা-জনগোষ্ঠীয় পোছাক পিন্ধি পৰীক্ষাত অৱতীৰ্ণ কটনিয়ান

#কটন বিশ্ববিদ্যালয়#

পৰীক্ষাৰ দিনটোতো বিজেপি চৰকাৰৰ জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত কটনিয়ানৰ।উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিচিত কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ষাণ্মাসিকৰ পৰীক্ষাৰ্থীসকলে 'কা'ৰ বিৰোধিতা কৰি ক'লা বেজ পৰিধান কৰাৰ লগতে অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতীক গামোচা আৰু বিভিন্ন জনগোষ্ঠীয় পোছাক পৰিধান কৰি শুকুৰবাৰে অৱতীৰ্ণ হয় পৰীক্ষাত।পৰীক্ষাৰ্থী ছাত্ৰ সমাজৰ স্পষ্ট কথা-'আমি পঢ়িম আৰু আন্দোলন অব্যাহত ৰাখিম।কোনো কাৰণতে মানি লোৱা নহ'ব কা।' 'আই অসমীক ৰক্ষা কৰাৰ বাবে বুকু পাতি দিবলৈ ভয় কৰা নাই, নকৰো।অবিৰত সংগ্রাম চলিছে আৰু চলিব'-পৰীক্ষাৰ্থীসকলে কয়। জাতীয় বদন সোণোৱাল চৰকাৰৰ দিনত আমি মাতৃভূমিক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ পৰীক্ষাৰ দিনটোতো সংগ্রাম কৰিছিলো বুলি এদিন ক'ব পাৰিম বুলি ছাত্ৰ সমাজে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

Pic

উল্লেখ্য যে 'কা' বিৰোধী আন্দোলনটোত ৰাজ্যৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা।তাৰ ভিতৰত আৰম্ভণিৰে পৰা ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখি ছাত্ৰ সমাজৰ অন্যতম গুৰু দায়িত্ব বহন কৰিছে কটনিয়ানে। গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে 'কা'ৰ বিৰোধিতা কৰি অৱতীৰ্ণ হৈছিল নিজৰ পৰীক্ষাসমূহত।

Your Comments