কটনিয়ানৰ 'ৰণহুংকাৰ'লৈ মুকলি সমৰ্থন পদপদৰ ব্যৱসায়ী সন্থা:শুকুৰবাৰে বন্ধ ৰাখিব ব্যৱসায়

Pic

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 'ৰণহুংকাৰ' কাৰ্যসূচীলৈ পূর্ণ সমৰ্থন আগবঢ়াইছে পদপথৰ ব্যৱসায়ী সন্থা, অসমে।জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে সমগ্ৰ মহানগৰীৰ লগতে ৰাজ্যৰ পদপথ ব্যৱসায়ীসকলে পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ ১২ ঘন্টাৰ বাবে বন্ধ ৰাখিব নিজৰ দোকানসমূহ।এই কথা বৃহস্পতিবাৰে এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে পদপথৰ ব্যৱসায়ী সন্থা,অসমৰ সভাপতি নৰেন ৰাজবংশীয়ে।কটন বিশ্ববিদ্যালয়ৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰ নিবাসত সম্বোধন কৰা সন্থাৰ সংবাদমেলখনত উপস্থিত থাকে সন্থাৰ অধিবক্তা কৃষ্ণা শৰ্মা,সাধাৰণ সম্পাদক চন্দন গোস্বামী। সাধাৰণ সম্পাদক চন্দন গোস্বামীয়ে জাতিৰ স্বাৰ্থত ছাত্ৰসকলৰ উদ্দেশ্য মহান বুলি উল্লেখ কৰি সকলো পদপথৰ ব্যৱসায়ীক আহ্বান জনাই কয়-'জাতিৰ স্বাৰ্থত সকলোৱে শুকুৰবাৰৰ দিনটোত দোকানসমূহ বন্ধ ৰাখি ওলাই আহক ছাত্ৰসকলৰ আন্দোলনৰ কাৰ্যসূচীলৈ।সন্থাৰ এই আহ্বান যদি কোনো পদপথৰ ব্যৱসায়ীয়ে অমান্য কৰে, তেন্তে তেওঁক অসম বিৰোধী বুলি গণ্য কৰা হ'ব।' উল্লেখ্য যে সমগ্ৰ ৰাজ্যত প্ৰায় ৪৫-৫০ হাজাৰ পদপথৰ ব্যৱসায়ী আছে আৰু সেইসকলৰে সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে আকৌ বিধেয়ক প্ৰস্তুত কৰি মানুহ আনিব বিচৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে।লগতে কটনিয়ানৰ ৰণহুংকাৰ কাৰ্যসূচীত তেওঁলোকে দল-বলে যোগদান দিব জানিবলৈ দিয়ে।

Your Comments