'কেব'ৰ বিৰুদ্ধে কটনৰ গুজৰণি: মহানগৰীৰ ৰাজপথ স্তব্ধ কৰি ওলাই আহিল হাজাৰ-হাজাৰ শিক্ষাৰ্থী

Cottan protest CAB

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শনিবাৰে প্ৰতিবাদত কঁপিল মহানগৰীৰ ৰাজপথ।ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিধেয়ক বিৰোধী প্ৰতিবাদত কিছুসময়ৰ বাবে স্তব্ধ হ'ল মহানগৰীৰ জনজীৱন। জাতিৰ স্বাৰ্থত স্নাতক আৰু স্নাতকোত্তৰ বিভিন্ন ষাণ্মাসিকৰ পৰীক্ষাক আওকাণ কৰি বিশ্ববিদ্যালয়ৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ আৰু ছাত্ৰ একতা সভাৰ আহ্বানত হাতে-হাতে জোঁৰ আৰু 'কেব' বিৰোধী প্লে'কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল দুই সহস্ৰাধিক শিক্ষাৰ্থী।ছাত্ৰ-ছাত্ৰী সকলৰ স্পষ্ট কথা কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব অসমীয়া বিৰোধী জাতিধ্বংসী কেব। 'আমি পঢ়াশুনাও কৰিম আৰু জাতিক ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাম।জাতিক বন্ধকত থৈ কোনোবাই ৰাজপাট খাব বিচাৰিলে তেনে শাসকক ৰাজপাটৰ পৰা গতিয়াই দিব ছাত্ৰ সমাজে'- এইদৰে কয় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংবাদিক মনজিৎ মহন্ত,অভিনেত্ৰী অমৃতা গগৈৰ দৰে বিশিষ্ট ব্যক্তিসকল।

আনহাতে,সৰ্বানন্দ সোণোৱাল হায় হায়,জাতিক বন্ধকত থৈ ৰাজনীতি কৰা অগপ হুচিয়াৰ,বিজেপি চৰকাৰ মুর্দাবাদ আদি শ্লোগানেৰে জোঁৰ সমদল আগবাঢ়ে দীঘলীপুখুৰীৰ দিশলৈ।প্ৰশাসনৰ ফালৰ পৰা দীঘলীপুখুৰীৰ পাৰে পাৰে সমদল কৰিব পৰাৰ অনুমতি আছিল যদিও আৰক্ষীৰে হতাহতিত লিপ্ত হৈ আৰক্ষীৰ বাধা অতিক্রম কৰি প্ৰতিবাদী ছাত্ৰ সমাজ আগবাঢ়ে লতাশিল অভিমুখে।তাৰ পিছত পুনৰ লেম্ব ৰোডত উপস্থিত হৈ ৰিজাৰ্ভ বেংক হৈ উভতি আহে বিশ্ববিদ্যালয় অভিমুখে। সেইখিনি সকলো নিয়ন্ত্ৰণত আছিল যদিও পুনৰ ছাত্ৰ-ছাত্ৰীসকলে আৰক্ষীৰে হেঁচা-ঠেলাত লিপ্ত হৈ প্ৰশাসনৰ বেৰিকেড উফৰাই ৰাওনা হয় কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ অভিমুখে।অৱশ্যে অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে যদিও সমদলকাৰী ছাত্র-ছাত্ৰীসকল এইবাৰ পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ ৰাজপথত বহি পৰে।পিছত আৰক্ষীৰ বুজনীত প্ৰতিবাদীসকল উভতি আহে।

ইফালে প্ৰতিবাদৰ অন্তত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হীৰকজ্যোতি বৰাই বিজেপিক সকীয়নী জনায় কয়-'এয়া মাত্ৰ আৰম্ভণি, সংগ্রাম অধিক তীব্ৰতৰ হ'ব আৰু আন্দোলন সমগ্ৰ গাঁৱে-ভূঁয়ে,চহৰে-নগৰে বিয়পি পৰিব'

Your Comments