'সংবিধান বিৰোধী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিগৰাকী গণতন্ত্ৰত বিশ্বাসী নাগৰিক ৰাজপথলৈ ওলাই আহিব লাগে'-ডঃ হীৰেন গোহাঁই

CAB

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে ভাৰতীয় সংবিধানৰ নাগৰিকত্বৰ ধাৰণাটোৰ আমূল পৰিৱৰ্তন ঘটাবলৈ বিচাৰিছে। সংবিধান বিৰোধী বিধেয়কখনে এটা ধৰ্মক বিচাৰৰ বাহিৰত ৰখাই থ'বলৈ বিচাৰিছে।যিহেতু ভাৰতীয় সংবিধানত ধৰ্মভিত্তিত নাগৰিকত্ব ধাৰণাৰ স্থান নাই।সেইবাবে সংবিধান বিৰোধী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিগৰাকী গণতন্ত্ৰত বিশ্বাসী নাগৰিক ৰাজপথলৈ ওলাই আহিব লাগে'-এই মন্তব্য নাগৰিকত্ব সংশোধন আইন বিৰোধী মঞ্চৰ আহ্বায়ক বিশিষ্ট বুদ্ধিজীৱী ডঃহীৰেন গোহাঁই।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ চলিত শীতকালীন অধিৱেশনত বিতৰ্কিত 'কেব' গৃহীত কৰিব বুলি কোৱা প্ৰসংগৰ আঁত ধৰি গোহাঁইয়ে কয়-"বিজেপিয়ে সংসদত সংখ্যাগৰিষ্ঠতাৰ শক্তিত 'কেব' গৃহীত কৰিব পাৰে।গৃহীত কৰিলে আইনত পৰিণত হ'ব নোৱাৰে।তাৰ বিৰুদ্ধে অসমবাসীয়ে তীব্ৰ আন্দোলন গঢ়ি তুলি সাম্প্ৰদায়িক বিজেপিক বাধ্য কৰাব লাগিব 'কেব' বাতিলৰ বাবে"।

উল্লেখ্য যে গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলখনতমঞ্চ আন এজন সদস্য মনজিৎ মহন্তই অগপক তীব্ৰ সমালোচনা কৰি কয়-"আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ নামত ৰাজনীতি কৰি কেৱল দুই-তিনিটা মন্ত্ৰীত্ব আৰু কেইজনমান অধ্যক্ষৰ লালসাত অসমীয়া জাতিক নিশেষ কৰা বিজেপিৰ ষড়যন্ত্ৰত হাত উজান দিছে অতুল, কেশৱ, ফণীহঁতৰ দৰে অগপৰ সুবিধাবাদী নেতাসকলে।"মহন্তই অসমৰ প্ৰতিটো জাতীয় দল-সংগঠন তথা প্ৰতিজন অসমীয়াক আহ্বান জনাই কয়-'সদৌ অসম ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব লওঁক আৰু কৃষক মুক্তিকে আদি কৰি অসমৰ প্ৰতিটো জাতীয় দল-সংগঠন একত্ৰিত হওঁক।কাৰণ এয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সময়।'

অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই সংবাদ মেলত উপস্থিত থাকি কয়-"বিজেপিয়ে সংখ্যাৰ বলত কেব গৃহীত কৰিব সেয়া নিশ্চিত,কিন্তু সেই কেব কাৰ্যকৰী কৰিবলৈ নিদিওঁ, যুঁজ কৰি যাম।তাৰ বাবে হয়তো যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব"। লগতে ডেকাই কয় যে কেব গৃহীত হ'লে অসম চুক্তিৰ ৫নং ধাৰা সকলো নস্যাৎ হ'ব। আনকি কোটি কোটি টকা খৰচ কৰি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰকাশ পোৱা এনআৰচি অৰ্থহীন হব।

আনহাতে লক্ষণীয় কথা এই যে কেবক লৈ সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে '৫১চনৰ ভিত্তিত অসমত পুনৰ এনআৰচি উন্নীতকৰণ হ'ব বুলি কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে মঞ্চই।এই সন্দৰ্ভত মঞ্চৰ স্পষ্ট কথা কোনো কাৰণতে '৭১ৰ আগলৈ আৰু ৭১ৰ পিছলৈ যোৱা নহয়।প্ৰকাশিত এনআৰচিত কিছু আসোঁৱাহ আছে, সেইবোৰ শুদ্ধ কৰক।যিহেতু '৫১চনৰ ভিত্তিত এনআৰচি প্ৰকাশ কৰিলে চৰকাৰে লোকপিয়লৰ তথ্যৰ ওপৰত ভিত্তি কৰি এনআৰচি উন্নীতকৰণ কৰিব।যিনেকি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।

'বঙালী মানুহৰ প্ৰেমত পৰি কেব আনিব বিচাৰিছে নেকি হিমন্ত, অতুল, সৰ্বানন্দই!' এই প্ৰশ্ন বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ।তেওঁ কয়-'ক্ষমতাই মানুহক কিমান অন্ধ কৰিব পাৰে।য'ত নেকি পিতৃ-মাতৃ-সম্পত্তি বিক্ৰী কৰিবলৈ লাজ নকৰে।তাৰ উদাহৰণ-'সৰ্বানন্দ, হিমন্ত, অতুল, কেশৱহঁতৰ দৰে নেতাসকল।'

ইফালে সংবাদমেলত উপস্থিত থাকি প্ৰাক্তন অগপ নেতা হলিৰাম তেৰাঙে কয় 'কালৰো কাল বিপৰীত কাল,এদিন বিদেশী খেদিবলৈ যোৱা মানুহবোৰে আজি বিদেশী আনিবলৈ গৈছে।' অগপ-বিপিএফক বিজেপিৰে মিত্ৰতা ত্যাগ কৰক অন্যথা হলিৰামে কয়-"অস্তিত্ব ৰক্ষাৰ শেষ ৰণত সৰ্বানন্দ, হিমন্ত, অতুল,হাগ্ৰামাক আমাৰ মানুহ বুলি গণ্য কৰা নহ'ব।"

ইফালে,বিধেয়কৰ বিৰুদ্ধে 'নাগৰিকত্ব বিধেয়ক সংশোধন বিৰোধী মঞ্চ'ই অসমৰ প্ৰতিটো জাতীয় সংগঠনৰ সৈতে সংগ্রাম কৰি যাব বুলি সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে।

Your Comments