গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পূৰ্বে নেদেখা এক পৰিৱেশৰ মাজত দেওবাৰে উন্মোচন কৰা হয় বিজেপি নেতা সত্যৰঞ্জন বৰাৰ 'ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ' শীর্ষক বিতৰ্কিত গ্ৰন্থখন।গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থকা একাংশ লোকে লেখক সত্য ৰঞ্জন বৰাক বিতৰ্কিত গ্ৰন্থখন সন্দৰ্ভত নানা প্ৰশ্ন কৰে।তাৰ মাজতে বিতৰ্কিত গ্ৰন্থখন উন্মোচন কৰে বাংলাদেশৰ মৌলানা মুফটি আব্দুল্লা আল মাচুদে।গ্ৰন্থখন উন্মোচন কৰি তেওঁ কোৰাণ সন্দৰ্ভত বিস্ফোৰণ ঘটাই কয়-'সন্ত্ৰাসবাদৰ মূল আধা মুছলমানে ধৰ্মগ্ৰন্থ বুলি মানি অহা কোৰাণ।মাদ্ৰাছাসমূহত কুশিক্ষাৰ জৰিয়তে সৃষ্টি কৰা হয় প্ৰতিবন্ধী।যি প্ৰতিবন্ধীয়ে কোৰাণৰ প্ৰতিটো কথা আল্লাহৰ দান বুলি অন্ধভাৱে মানি চলে।'
ইয়াৰ উপৰিও আল মাচুদে বিতৰ্কিত গ্ৰন্থখন উন্মোচন কৰি কোৰাণৰ বহুকেইটা আমাত(পদ) ব্যাখ্যা কৰে। তেওঁ কয়-'পূৰ্বতে ময়ো ইছলাম ধৰ্মী আছিলোঁ,কিন্তু এতিয়া মই নাস্তিক।কাৰণ ইছলাম ধৰ্মত সমন্বয় আৰু ভাতৃত্ববোধৰ কথা নকয়।তাৰ পৰিৱৰ্তে মুছলমানে কেৱল মুছলমানৰ লগত বন্ধুত্ব আৰু ভাতৃত্ব গঢ়ি তোলাৰ কথা কয়।'একেদৰে অন্য ধৰ্মগ্ৰন্থসমূহ পঢ়িলে যিদৰে তাত নিহিত হৈ থকা অৰ্থসমূহ জনাৰ উপায় আছে,তেনেদৰে কোৰাণত নাই।কোৰাণৰ মতে কেৱল মুছলমান জাতিয়ে শ্ৰেষ্ঠ, তেন্তে অন্য জাতিবোৰ কি!একেদৰে কোৰাণে নাৰীক টয়লেটৰ লগত তুলনা কৰে।তেওঁলোকক সংস্পৰ্শ কৰি কোনো মুছলমান পুৰুষে মছজিদৰ চৌহদ স্পর্শ কৰিব নোৱাৰে,বুলি কোৰাণত উল্লেখ আছে।
এইসমূহৰ উপৰিও ইছলাম আৰু কোৰআনৰ মতে মহিলাসকল যৌনদাত্ৰী।য'ত নেকি ৰোজা পালনৰ পিছত ক্লান্ত মহিলাগৰাকীকো সম্ভোগৰ পৰা ৰেহাই দিয়া নহয়।
প্ৰতিগৰাকী ইছলাম ধৰ্মী মহিলা বিবাহৰ পিছত সদায় শংকাত থাকিব লাগে।কিয়নো কোৰাণে পুৰুষসকলক যেতিয়াই মন যায়,মহিলা গৰাকীক তালাক দিব পাৰে বুলি কৈছে।
কোৰাণৰ মতে আল্লাহৰ প্রিয় পুৰুষ,তাৰ বাবে আল্লাহ ওচৰত থাকে তেওঁলোক। কিন্তু নাৰী আল্লাহ প্রিয় নহয় আৰু হ'ব নোৱাৰে।তেওঁলোক সদায় আল্লাহৰ পৰা বহু আঁতৰত থাকে।
আল মাচুদে কয়-'কোৰাণ আৰু ইছলাম হৈছে কৰ্কট ৰোগ।আমি মুছলমানক নহয় ইছলাম নামৰ ভাইৰাচটোক কাঠগড়াত থিয় কৰাব লাগে।কাৰণ বিশ্বত ১.৭ বিলিয়নতকৈ অধিক ইছলামধৰ্মী লোক আছে।যদি ইছলাম নামৰ ভাইৰাচটোক আমি শেষ কৰিব পাৰো,তেন্তে বহুত মানৱীয় লোক পাম।'
কোৰাণৰ ৫৯ চুৰাত ১-৭ আয়াতত আল্লাহৰ সন্ত্ৰাসৰ উল্লেখ আছে।য'ত নেকি আত্মৰক্ষাৰ বিপৰীতে আক্ৰমণাত্মক হ'বলৈ কয়।তেনে স্থলত ইছলাম কেনেকৈ শান্তিৰ ধৰ্ম হ'ল!
ইছলামীয় দেশসমূহত যদি কোনো ইছলামীয় লোক নাস্তিক হয়,সেইসকলক হত্যা কৰিব লাগে বুলি কোৰাণত উল্লেখ থকা বুলি বক্তব্য প্ৰকাশ কৰে উন্মোচক আল মাচুদে।
আনহাতে,প্ৰকাশৰ পূৰ্বে বিতৰ্কৰ সূত্ৰপাত কৰা গ্ৰন্থখনৰ সন্দৰ্ভত লেখক সত্য ৰঞ্জন বৰাই কয়-'মই মুছলমান বিৰোধী আৰু উৎকট হিন্দুত্ববাদী নহয়।গ্ৰন্থখনৰ আলোচনা সম্পূৰ্ন শৈক্ষিক।গ্ৰন্থখনৰ উদ্দেশ্য বিভেদ সৃষ্টি বা সংঘৰ্ষ লগোৱা বাবে নহয়।বহুকেইবাৰ কোৰাণখন অধ্যয়ন কৰি মই চিন্তিত হৈছিলোঁ। ভাবিছিলোঁ এয়া নেকি ধৰ্মশিক্ষা!য'ত সন্ত্ৰাসৰ পৰা আৰম্ভ কৰি বিভেদলৈকে বৰ্ণনা।য'ত সমগ্ৰ নাৰী জাতিক যৌনদাত্ৰী বুলি গণ্য কৰি সন্তান জন্ম দিয়া আহিলা বুলি গণ্য কৰা হৈছে।'
প্ৰগতিশীল সমাজখনৰ প্ৰতিগৰাকী মুছলমান যুৱক-যুৱতী,আলোচক,চিন্তাবিদক গ্ৰন্থখনৰ বিষয়টো অনুধাৱন কৰি কেনেদৰে আগবাঢ়ি যাব পাৰি,লগতে ধৰ্মগ্ৰন্থ কোৰাণৰ প্ৰকৃত অৰ্থ বুজিবলৈ মুছলমানসকলৰ প্ৰতি আহ্বান জনাই গ্ৰন্থখন লিখা বুলি উল্লেখ কৰে।
- Log in to post comments
- 168 views