বিলাসীপাৰা পশ্চিম সমষ্টিত শতাধিক লোকৰ অগপত যোগদান

Pic

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন : 

অগপ দলৰ বিলাসীপাৰা জিলা কমিটিৰ সম্পাদক কামৰূপ জামালৰ নেতৃত্বত আৰু পশ্চিম  বিলাসীপাৰা সমষ্টি কমিটীৰ সভাপতি ওমৰ উদ্দিন, সম্পাদক আব্দুছ ছালাম আৰু অধিবক্তা চান বাহাদুৰ মোল্লাৰ  সহযোগত লগতে শগুনমাৰী আঞ্চলিক কমিটিৰ সভাপতি জহিৰুল ইছলাম উদ্যোগত হাজী শুকুৰ আলীৰ সভাপতিত্বত শুকুৰবাৰে বিলাসীপাৰা মামাৰ বজাৰত অগপ দলৰ এখন  সভা অনুষ্ঠিত হয়।

Pic

উক্ত সভাত অগপ দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে  দীৰ্ঘদিনে কাম কৰি অহা  কেন্দ্ৰীয় কমিটীৰ উপ-সভাপতি আব্দুৰ ৰছিদ মৌলৱী আৰু দলটোত নতুনকৈ যোগদান কৰা  আমছুৰ প্ৰাক্তন উপ সভাপতি যুৱ নেতা মনোৱাৰ হুছেইনৰ নেতৃত্বত কংগ্ৰেছে,এআইইউডিএফ ত্যাগ কৰি শতাধিক লোকে অগপ দলত যোগদান কৰে। উল্লেখ্য যে উক্ত সভাত অগপৰ দলৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা সহিতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

Your Comments