অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত কাশ্মীৰ আৰু ভাৰতৰ মাজত প্ৰকৃত একতা আহিছে- উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

Pic

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।শুকুৰবাৰে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- 'সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ কাশ্মীৰ আৰু ভাৰতৰ মাজত কৃত্ৰিম ব্যৱধানৰ সৃষ্টি কৰিছিল। কিন্তু চলিত বর্ষত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া ভাৰতবৰ্ষত প্ৰকৃত একতা আহিছে।'লগতে তেওঁ অনুচ্ছেদ ৩৭০ আৰু জম্মু-কাশ্মীৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বুলি উল্লেখ কৰে।

উল্লেখ্য যে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাখনৰ ১২ নৱেম্বৰত সামৰণি পৰিব।

Your Comments