'কেব'ৰ বিৰুদ্ধে ১৮ নৱেম্বৰত উত্তৰ-পূৰ্বাঞ্চলজুৰি আন্দোলন ঘোষণা নেছ'ৰ

Pic

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছ'ৰ।বৃহস্পতিবাৰে মহানগৰীৰ পাণবজাৰৰ প্ৰাগ কণ্টিনেলত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'অ-সাংবিধানিক,খিলঞ্জীয়া বিৰোধী আৰু অসম চুক্তিবিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনে বিৰোধিতা কৰিছিল, কৰিব আৰু কৰি যাব।' এই সন্দৰ্ভত দেশৰ  প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ  সকীয়নী প্ৰদান কৰি কয় যে অবৈধ বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিয়া এই সাম্প্ৰদায়িক বিধেয়ক 'কেব' উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত জাপি নিদিব।চৰকাৰে কেব পুনৰ আনিম, আনিম কৈ আছে,নানিব।কাৰণ,অসম তথা উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়।

আনহাতে নেছ'ৰ মঞ্চৰ পৰাই উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেন্দ্ৰক সকীয়নী প্ৰদান কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানী আৰু ৰাজভৱনৰ আশে-পাশে কেব বিৰোধী আন্দোলনৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা ১৮ নৱেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।সমগ্ৰ উত্তৰ-পূবত চলিব লগা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰলৈ স্মাৰকপত্ৰ  প্ৰেৰণ কৰা হ'ব।লগতে ভট্টাচাৰ্যই তাৎপৰ্যপূৰ্ণভাৱে কয় যে এয়া কেৱল আৰম্ভণি।

'কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ অবৈধ বাংলাদেশীৰ ভোটবেংক সুৰক্ষাৰ কৰাৰ স্বাৰ্থত আনিব বিচৰা কেব উত্তৰ-পূৰ্বাঞ্চলে মানি নলয়।তাৰ বাবে উত্তৰ-পূবৰ সমূহ ৰাজনৈতিক নেতাক খিলঞ্জীয়াৰ স্বাৰ্থত থাকি কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।এই বিধেয়কক সমৰ্থন কৰি খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰা সকলে নিস্তাৰ নাপাব।কোনো শান্তিত থাকিব নোৱাৰিব'-এনেদৰে সকীয়নী দিয়ে ড: ভট্টাচাৰ্যই।

উল্লেখযোগ্য  যে বৃহস্পতিবাৰৰ সংবাদমেলত নেছ'ৰ  সাধাৰণ সম্পাদক শ্ৰীৰাম প্ৰকাশ, বিশেষ সমন্বয়ক লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে নেছ'ৰ  অংশীদাৰী উত্তৰ-পূবৰ সাত ৰাজ্যৰ ছাত্ৰ-সংগঠনসমূহৰ  প্ৰতিনিধি উপস্থিত    থাকে।

Your Comments