'সকলোৰে সপোন-ঘৰ হ'ব আপোন'-এই বিশেষ বাক্যশাৰীকে সাৰোগত কৰি ৰাজ্য চৰকাৰে নগৰাঞ্চলৰ হিতাধিকাৰীক বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ আৰ্থিক অনুদান। মহানগৰীৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে প্ৰদান কৰে আঁচনিৰ ধন।উক্ত অনুষ্ঠানটোত সোনোৱালে পাঁচগৰাকী নগৰাঞ্চলৰ হিতাধিকাৰীক প্ৰদান কৰে অনুদানৰ প্ৰতীকি চেক।উল্লেখযোগ্য যে এজন হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত ঘৰ নিৰ্মাণৰ বাবে লাভ কৰে ২লাখ টকা।
মন কৰিব লগা কথা এই যে ২০২২ চনৰ ভিতৰত ৰাজ্যৰ মুঠ এক লাখ নগৰাঞ্চলৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিয়ে সামৰি ল'ব।তাৰে অংশ হিচাপে অধীনত বৰ্তমান প্ৰায় চাৰি হাজাৰ হিতাধিকাৰীক প্ৰদান কৰা হৈছা ঘৰ। এই কথা জানিবলৈ দিয়ে অনুষ্ঠানত উপস্থিত থকা এই কথা জানিবলৈ দিছে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ প্ৰকল্পৰ সঞ্চালক শুভাষিক দাসে।
আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে ডেৰ বছৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ত শুভাৰম্ভনি কৰাৰ পিছত যিসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰ নিৰ্মাণ সম্পূৰ্ন কৰিছে, তেওঁলোকক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।বিশেষকৈ এই আঁচনিৰ প্ৰথম হিতাধিকাৰী তথা প্ৰথম ঘৰ নিৰ্মাণ কৰা হিতাধিকাৰীগৰাকী হৈছে তিনিচুকীয়াৰ জোৎস্না বেগম ।তেওঁক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰ নিৰ্মাণ কৰাৰ বাবে।
ইফালে প্ৰথম পৰ্যায়ত ৰাজ্যৰ মুঠ ২৬৪৩ গৰাকী হিতাধিকাৰীক আঁচনিৰ প্ৰথম কিষ্টিত প্ৰদান কৰিব ১লাখ ১০হাজাৰ টকাকৈ মুঠ ২৯ কোটি টকা।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, নগৰ উন্নয়ন বিভাগৰ সচিব হিতেশ দেৱ শৰ্মা।
- Log in to post comments
- 7 views