অসমীয়া জাতীয় জীৱনত শতবর্ষ অতিক্ৰম কৰা একমাত্ৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই বিগত বর্ষসমূহৰ দৰে এইবাৰো অহা ১নৱেম্বৰত প্ৰদান কৰিব বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰুৱা বঁটা।অসমীয়া জাতিৰ ইতিহাসৰ বৃহৎ জাতীয় অনুষ্ঠানটোৱে ২০১৯ বর্ষৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে অসমীয়া সংবাদ-পত্ৰৰ ক্ষেত্ৰৰ এগৰাকী সন্মানীয় ব্যক্তি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা।এই কথা বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই।প্ৰেছ বিজ্ঞপ্তিখনত প্ৰকাশ কৰা অনুসৰি অহা ১ নৱেম্বৰত ২১সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বৰুৱাক প্ৰদান কৰিব এই বঁটা। উক্ত দিনা আবেলি চাৰি বজাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদঘাটন কৰিব চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত।ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰদান কৰিব উপ- ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা।
- Log in to post comments
- 23 views