
পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত মহানগৰীত আৰক্ষী প্ৰশাসনে অবৈধ ফটকাৰ গুদামৰ বিৰুদ্ধে অভিযান চলায়।গোপন সূত্ৰৰ খবৰ অনুসৰি মহানগৰীৰ আৰক্ষী প্ৰশাসনে বৃহস্পতিবাৰে মাছখোৱাৰ তৰুণ ৰাম ফুকন পথত ছিল কৰে তিনিটাকৈ ফটকাৰ গুদাম।
মহানগৰীৰ ভৰলু আৰক্ষীৰ সহযোগত প্ৰশাসনে ছিল কৰা তিনিটা গুদামৰ দুটা গুদাম বিনোদ নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে যদিও আনটো গুদামৰ গৰাকীৰ নাম জানিব পৰা হোৱা নাই।এই কথা প্ৰকাশ কৰিছে অবৈধভাৱে ফটকাৰ মজুত থকা গুদামকেইটা ছিল কৰা আৰক্ষী প্ৰশাসনে।
ইফালে ছিল কৰা তিনিওটা গুদামত জমা থকা ফটকাৰ পৰিমাণ এতিয়াই আৰক্ষীয়ে ক'ব পৰা নাই যদিও এটা কথা নিশ্চিত কৰিছে যে ফটকাৰ গুদামকেইটাত অসমৰ বাহিৰৰ পৰা অহা ফটকাৰ মজুত আছিল।
ইফালে,গুদামকেইটা ছিল কৰিয়েই তিনিওটা গুদামৰ গৰাকীৰ ফটকা ৰখাৰ বাবে অনুজ্ঞাপত্ৰ আছিল নে নাই তাক প্ৰশাসনৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
- Log in to post comments
- 10 views