'ৰাইজৰ দল'ৰ মুখ্য উপদেষ্টা পদ ত্যাগ ডঃ হীৰেন গোহাঁইৰ।অখিল গগৈৰ বিশেষ পত্ৰক লৈ অসন্তুষ্ট হৈ পদত্যাগ কৰাৰ কথা ঘোষণা বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ।
"অখিলৰ শেহতীয়া চিঠিখনে দাঙি ধৰা ৰাজনৈতিক প্ৰস্তাৱ মোৰ ধাৰণাত ভ্ৰান্ত আৰু অবাস্তৱ"-উল্লেখ কৰে গোহাঁইয়ে।তেওঁ লগতে কয়-"সংবিধান বিৰোধী-সাম্প্ৰদায়িক বিজেপিক পৰাস্ত কৰাৰ বাবে সকলো গণতান্ত্ৰিক ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগে।ইয়াত ভোট ভাগ হ'বলৈ হ'লে বিজেপিৰ লাভ হ'ব।ৰাইজে বিজেপিৰ প্ৰলোভনত নপৰি বাস্তৱ দৃষ্টিৰে ভৱিষ্যতলৈ চাওঁক।বিজেপিক পৰাস্ত কৰাৰ ৰাজনীতিত যোগ হওঁক।"
- Read more about 'ৰাইজৰ দল'ৰ মুখ্য উপদেষ্টা পদ কিয় ত্যাগ কৰিলে ডঃ হীৰেন গোঁহাইয়ে,পঢ়ক
- Log in to post comments
- 17 views