ঘগ্ৰাপাৰত ১০০ সংখ্যক "মন কী বাত" অনুষ্ঠানত অংশগ্ৰহণ সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

A

নিউজ ডেস্ক:

সমগ্ৰ দেশতে আজি  প্ৰধানমন্ত্ৰী মোদীৰ ১০০ সংখ্যক ’মন কী বাত’ অনুষ্ঠান এশ কোটি মানুহে শুনিছে ৷ দেশৰ বিভিন্ন স্থানত আজি প্ৰায় ৫৬ টা ভাষাত অনুবাদৰে ৰাইজক শুনোৱাৰ ব্যৱস্থা কৰা হৈছে  আৰু ১১ টা ভাষাৰে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত এই 'মন কী বাত' অনুষ্ঠানৰ আয়োজন  হৈছে ৷ আজি ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷ তেওঁ লগতে কয় যে মঙ্গলদৈ লোক সভা সমষ্টিতে প্ৰায় বাৰ শ স্থানত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ তদুপৰি অকল নলবাৰী সমষ্টিত দুশ বিশটা স্থানত  আয়োজন কৰা হৈছে৷ বিগত ২০১৪ চনৰ ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰি নিৰৱচিন্নভাৱে চলি অহা 'মন কী বাত’ অনুষ্ঠানে কাৰ্যকৰ্তা সকলক বিশেষ ধৰণে উৎসাহিত কৰিছে ৷ এই 'মন কী বাত' অনুষ্ঠানে বিশ্বৰ কোনো এখন দেশৰ মুৰব্বীয়ে জনতাৰ লগত প্ৰত্যক্ষ সম্পৰ্ক কৰা সৰ্ব্ববৃহৎ নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ ব্যক্ত কৰে ৷ আনহাতে স্থানীয় বিধায়ক তথা অসম মন্ত্ৰী সভাৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই 'মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমবেত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি নিজ বুথত অনুষ্ঠিত হোৱা 'মন কী বাত’ অনুষ্ঠানলৈ ৰাওনা হয় ৷ সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো আজি দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ড বিজেপি দলৰ কাৰ্যকৰ্তাই সমুহীয়া ভাবে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। বিজেপি দলৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ১৩ নং ঘগ্ৰাপাৰ পঞ্চায়তৰ আটাইকেইটা বুথৰ কাৰ্যকৰ্তাৰ উপৰিও সমৰ্থকে একেলগে  ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আজি উপস্থিত হৈ প্ৰধান মন্ত্ৰীৰ আকাশবানী যোগে প্ৰচাৰ কৰা" মন কী বাত" শ্ৰৱণ কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক তথা  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উপস্থিত থাকে। বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই আদৰি ভাষণৰে  আৰম্ভণি কৰা মন কী বাত অনুষ্ঠানত অঞ্চলটোৰ মীন, কৃষি, সংস্কৃতি, ক্ৰীড়াকে ধৰি বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা পঞ্চাশগৰাকী ব‍্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানটিৰ আঁত ধৰে মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই।

ইপিনে দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী  সম্বোধন কৰা জনপ্ৰিয় কাৰ্যসূচী মন কি বাত ৰ লগত সংগতি ৰাখি আজি  ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচনৰ সন্মুখত দলৰ প্ৰতীক অংকন আৰু দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰীৰ বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক  দিলীপ শইকীয়াই।

Your Comments