মহানগৰীৰ শান্তিপুৰত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী:এতিয়াও মুক্ত বিচৰণ তিনিটা পোৱালিৰ

Pic

গুৱাহাটীত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী।মঙলবাৰে ৰাতি বন বিভাগে পতা পিঞ্জৰাত মহানগৰীৰ শান্তিপুৰত আৱদ্ধ হয় নাহৰফুটুকীটো।উল্লেখ্য যে অঞ্চলটোত দীর্ঘদিনৰ পৰা চাৰিটা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি পোহনীয়া জীৱ-জন্তুৰ লগতে বান্দৰো ভক্ষণ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছিল।সন্ধিয়া নমাৰ লগে লগে অঞ্চলটোত প্ৰায়ে প্ৰত্যক্ষ কৰা হয় নাহফুটুকীকেইটাক। অঞ্চলবাসী ৰাইজে এসপ্তাহৰ পূৰ্বে বন বিভাগক বাঘকেইটা ধৰাৰ বাবে আবেদন জনাইছিল।

মহানগৰীৰ শান্তিপুৰ হিলছাইড পিএনজিবি ৰোডৰ অমৃত দাসৰ বাসগৃহৰ পিছফালে বন বিভাগে নাহৰফুটুকীটোক ধৰিবৰ বাবে যোৱা সোমবাৰে বিয়লি পিঞ্জৰাটো স্থাপন কৰিছিল।সেই ৰাতি নাহৰফুটুকীটো পিঞ্জৰাত সোমোৱা নাছিল যদিও যোৱা নিশা ১২.৩০ বজাত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয়।অমৃত দাসে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে ৰাতি পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোক বন বিভাগৰ দলে বুধবাৰে পুৱা ৭ বজাত উপস্থিত হৈ  উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়।

দাসে জানিবলৈ দিয়া অনুসৰি শান্তিপুৰ অঞ্চলটোত মুঠ চাৰিটা নাহৰফুটুকীক ভালে কেইদিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছিল।এটা ডাঙৰ,বাকী তিনিটা পোৱালি।তাৰে বুধবাৰে বন বিভাগে আৱদ্ধ কৰে ৰাইজে প্ৰত্যক্ষ কৰা মতা নাহৰফুটুকীটোক।আনহাতে,এতিয়াও বাকী তিনিটা পোৱালি থকা বুলি জানিবলৈ দিয়ে।

আনহাতে বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নাহৰ ফুটুক উচ্চতা প্ৰায় ৩ফুট আৰু দীঘল প্ৰায় ৫ফুট।

Your Comments